নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও আৰক্ষীৰ মহিলা কনিষ্টবললৈ ডক্টৰেট

📌 একেৰাহে আধাঘণ্টা চকুৰ টিপ নমৰাকৈ সূৰ্যলৈ চাই গঢ়িছিল বিশ্ব অভিলেখ

বিশেষ বাৰ্তা, ১৮ জুলাই : অসম আৰক্ষীৰ মহিলা কনিষ্টবল জুনুমণি বৰাক ফৰিদাবাদৰ মেজিক এণ্ড আৰ্ট ইউনিভাৰ্চিটীয়ে প্ৰদান কৰিছে ডক্টৰেট সন্মান । নগাঁৱৰ ডিফলুৰ এই মহিলাগৰাকীয়ে ১৮০০ ছেকেণ্ডৰো অধিক সময় একেৰাহে চকুৰ টিপ নমৰাকৈ সূৰ্যলৈ চাই গঢ়িছিল বিশ্ব অভিলেখ। যাৰ বাবে নাম অন্তৰ্ভুক্ত হৈছিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত । তদুপৰি অভিনেত্ৰী আৰু গল্পকাৰ হিচাপেও পৰিচিত সৰবৰহী মহিলা জুনুমণি বৰাই এই অভিলেখৰ উপৰি সামাজিক অৱদানৰ বাবে নেবকাছ ৰাষ্ট্ৰীয় বঁটা, ভাৰতৰত্ন ভূপেন হাজৰিকা নেচনেল এৱাৰ্ড, অসমীয়া নাৰী সন্মান, সমাজৰত্ন উপাধি আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে ডেৰ কুৰিৰো অধিক বঁটা-সন্মান । শেহতীয়াকৈ ডক্টৰেট সন্মান লাভ কৰা নগাঁৱৰ মহিলা কনিষ্টবলগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ।

প্ৰেৰক কনক হাজৰিকা

You might also like