নিয়মীয়া বাৰ্তা, ১৮ জুলাই : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘৰ প্ৰেক্ষাগৃহত লেখিকা সমাৰোহৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী ৰূপালী বৰাৰ সভাপতিত্বত আৰু জিলাৰ সম্পাদিকা বিমলা দেৱীৰ উপস্থিতিত তেজপুৰ শাখাৰ সাংগঠনিক সম্পাদিকা দীপা দেৱীয়ে আঁত ধৰা এখন গুৰুত্বপূৰ্ণ সভাত তেজপুৰ লেখিকা সমাৰোহ শাখাৰ গণ্যমান্য আই-মাতৃসকল, বৃহত্তৰ চাৰিদুৱাৰ-বালিপৰাৰ মহিলাসকলৰ উপস্থিতিত গীতে-মাতে, কবিতাৰে লেখিকা সমাৰোহৰ কালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । সভাখনত নৱনিৰ্বাচিত মুখ্য উপদেষ্টা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ সভানেত্ৰী মীনু হাজৰিকাই অসমীয়া সাহিত্য বিকাশ, লেখিকা সমাৰোহৰ কাৰ্যপন্থা আৰু অনাগত দিনত কৰণীয় বিষয়ত সাৰুৱা ভাষণ দিয়ে । সভাখনতেই সৰ্বসন্মতিমৰ্মে চাৰিদুৱাৰৰ ৰীমাঞ্জলি হাজৰিকাক সভানেত্ৰী আৰু বালিপৰাৰ উপাসনা বৰাক সম্পাদিকা হিচাপে লৈ চাৰিদুৱাৰ বালিপৰা লেখিকা সমাৰোহৰ ৩১ জনীয়া শক্তিশালী সমিতি এখন গঠন কৰা হয় ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম