নিয়মীয়া বাৰ্তা, ১৮ জুলাই : খৰ্বকায় চেহেৰাৰ এহাল দৰা-কইনা, দৰাৰ উচ্চতা প্ৰায় চাৰে তিনি ফুট, কইনা প্ৰায় তিনি ফুটৰ। চাৰি দিন পূৰ্বে দুয়ো বান্ধ খালে সংসাৰৰ বান্ধোনত। অভিনয়ৰ যোগেদি দুয়োৰে চিনাকি, পাছলৈ প্ৰেম আৰু সম্প্ৰতি দুয়ো পতি-পত্নী | নগৰবেৰাৰ প্ৰতিবেশী ধূপধৰা অঞ্চলৰ খুঁটাবাৰী বগলীমাৰা চুবুৰিত সম্প্ৰতি ৰঞ্জিত দাসৰ ঘৰত ৰাইজৰ ভিৰ, অলপতে বিয়াও পাতিলে ৰঞ্জিত দাসে, এগৰাকী খৰ্বকায় চেহেৰাৰ লোক, দক্ষ অভিনেতাও ৰঞ্জিত দাস। বিগ বি অমিতাভ বচ্চনৰ স’তে ৰিয়েলিটী শ্ব’তো ভাগ লৈছিল হেনো তেওঁ, কণ্ঠশিল্পী জুবিন গাৰ্গৰো বৰ প্ৰিয় হেনো তেওঁ, অভিনয়ো কৰিছে ’ঐ খাপলা’ ধাৰাবাহিকখনত, চাৰ্কাছ পাৰ্টীতো কাম কৰে তেওঁ |কইনাজনীও খৰ্বকায় চেহেৰাৰ, নাম ডালিমী ঠাকুৰীয়া। এগৰাকী সু-অভিনেত্ৰী, স্নাতক ডিগ্ৰীধাৰী। পিছে বিয়াৰ পাছত দায়িত্ব বাঢ়িল দুয়োৰে। সেয়ে হয়তো সামৰিব লাগিব অভিনয়ৰ পথাৰখন !চৰকাৰলৈ দুয়ো কাতৰ আহ্বান জনাইছে কিবা এটা সংস্থাপনৰ বাবে, কিয়নো অভিনয় সামৰিব লাগিলে আগলৈ নিঃসন্দেহে অৰ্থসংকটত ভুগিব দুখীয়া শিল্পী দম্পতী। চৰকাৰী চাকৰি এটা হ’লে হয়তো নিৰাপত্তা আহিব দুয়োৰে জীৱনলৈ। সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ চাকৰি এটাৰ সুবিধা কৰি দিবলৈ কাতৰ আহ্বান জনাইছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস