নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : আজি কোকৰাঝাৰ জিলাৰ দোতমাস্থিত বডোফা ইউ এন মহাবিদ্যালয়ৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰাই মুছাহাৰীয়ে আৰু উক্ত কাৰ্যসূচীৰ আঁ‌ত ধৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° শশাংক শেখৰ শৰ্মাই। ইয়াৰ পিছত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ ব্ৰহ্মই আৰু অভ্যাগত অতিথিসকলেও মাল্যাৰ্পণ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তাৰ পিছত মূল সভাৰ আৰম্ভণিত আৰনাইৰে আমন্ত্ৰিত অতিথিসকলক সন্মানিত কৰা হয়।সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ অভিভাৱক সদস্য শংকৰ লাল ব্ৰহ্মই। সভাত আদৰণী ভাষণ আগবঢ়াই কিদৰে মহাবিদ্যালয়খনে নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে উন্নতিৰ দুৱাৰডলিত উপনিত হৈছে, তাৰ বিষয়ে এক চমু আভাস দিয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰাই মুছাহাৰীয়ে। মহাবিদ্যালয়খনত আগন্তুক ২০, ২১ আগষ্টত নাকৰ পিয়েৰ টীমে পৰিদৰ্শন কৰিব বুলিও তেওঁ উল্লেখ কৰে। উক্ত সভাত সৰস ভাষণ আগবঢ়ায় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ ব্ৰহ্ম, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° জনীক লাল নাৰ্জাৰীয়ে। উক্ত সভাত উপস্থিত থাকে দোতমা আঞ্চলিকৰ উপ-সভাপতি জংশাৰ ব্ৰহ্ম, শৈক্ষিক সম্পাদক জংশাৰ ব্ৰহ্ম, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সদস্যবৃন্দ, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল। সভাৰ সামৰণিত সভাপতিৰ ভাষণৰ পিছতে শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষই।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like