নিয়মীয়া বাৰ্তা, ১৮ জুলাই : নগাঁও জিলাত বৃহত্তৰ জুৰীয়া অঞ্চলত শেহতীয়াকৈ মদ-জুৱা, ড্ৰাগছ, তীৰ আদিৰ দৰে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে সংঘটিত হৈছে অপৰাধ জনিত ঘটনা। বিশেষকৈ চুৰি-ডকাইতৰ ঘটনা সঘনাই সংঘটিত হৈছে। ইয়াৰ মাজতে জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া পথাৰ গাঁৱত আজি দুটা দুৰ্বৃত্তই গুলী ফুটাই ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী বাণিজ্যিক প্ৰতিনিধিৰ পৰা দুই লাখ ৮৭ হাজাৰ টকা লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেংকৰ বাণিজ্যিক প্ৰতিনিধি আবুল বাসাৰ নামৰ লোক জনে এৰাবাৰী বজাৰত থকা নিজৰ চি, এছ, পি, কাৰ্যালয়টোলৈ বুলি এটা টকা ভৰ্ত্তি বেগ লৈ ঘৰৰ পৰা ওলাই যাবলৈ ধৰোতেই ঘৰৰ সন্মূখতে এখন ৰঙা ৰঙৰ পালছাৰ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই আগভেটা দি ধৰি টকাৰ বেগটো টানি নিয়াৰ চেষ্টা চলাই । আবুল বাসাৰে প্ৰথমে টকা বেগটো এৰি নিদিয়াত দুৰ্বৃত্ত দুটা লগত টনা আজোৰা লাগে। তেনে সময়তে বাইক খনৰ পিছত অহা দুৰ্বৃত্তটোৱে এটা পিষ্টল উলিয়াই দুই জাঁই গুলী চালনা কৰাৰ লগতে চালকৰ ৰূপত থকা দুৰ্বৃত্ত টোৱে এখন ডেগাৰেৰে আবুল বাসাৰৰ এখন হাতত আক্ৰমণ কৰাত বাসাৰে টকাৰ বেগটো এৰি দিবলৈ বাধ্য হয়। লগে লগে বিষয়টো দগাঁও আৰক্ষী পহৰা চকীত অৱগত কৰোৱাত আৰক্ষী আহি ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। পিছত ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে দগাঁও আৰক্ষী পহৰাচকীত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে ঘটনা সংক্ৰান্তত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
প্ৰেৰক নাজিম আহমেদ