নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ নামত ১২ যুৱকক প্রতাৰণাৰে ৰঙাঘৰত কাশ্মীৰৰ যুৱতী

বিশেষ বাৰ্তা, ১৯ জুলাইঃ চলচ্চিত্রৰ চিত্রনাট্যয়ো স্পর্শ কৰিব নোৱাৰে এই ঘটনাক৷ বিয়াত বহাটোৱেই পেছা জম্মু–কাশ্মীৰৰ বাসিন্দা ৩০ বছৰীয়া এই তৰুণীৰ৷ শেহতীয়াকৈ এই তৰুণীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এতিয়ালৈকে ১২জন যুৱক আৰু তেওঁলোকৰ পৰিয়ালক বিয়াৰ নামত প্রতাৰণা কৰিছে এই ৰহস্যময়ী নাৰীয়ে৷ বিয়াৰ কেইমাহমানৰ পিছতেই বৃহৎ অংকৰ ধনৰাশি আৰু সোণৰ আ–লংকাৰ লৈ পলায়ন কৰে যুৱতীগৰাকীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি দীর্ঘদিন প্রতাৰণাৰ জাল পেলাই অহা এই যুৱতীগৰাকীক ৰাজৌৰি জিলাৰ নৌছেৰাৰ পৰা গ্রেপ্তাৰ কৰা হৈছে৷ শ্বাহিন আখতাৰ নামৰ এই যুৱতীগৰাকীক মহম্মদ আলতাফ মাৰ নামৰ যুৱক এজনৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ শ্বাহিনৰ বিৰুদ্ধে প্রতাৰণাৰ অভিযোগ আনে আলতাফে৷ ইয়াৰ পিছতে যুৱতীগৰাকীৰ বিৰুদ্ধে একেই ধৰণৰ একাধিক অভিযোগ লাভ কৰে আৰক্ষীয়ে৷ বাদ্গামৰ আলতাফৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ চাৰি মাহ পিছতে শ্বাহিনে পলায়ন কৰিছিল৷ ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’৷ শ্বাহিনৰো একেই দশা হ’ল৷

You might also like