আইফোন নিষিদ্ধ ৰুছ চৰকাৰৰ
বিশেষ বাৰ্তা, ১৮ জুলাইঃ দেশৰ সমস্ত কাম–কাজত নজৰদাৰী আৰম্ভ কৰিছে আমেৰিকাই। চাঞ্চল্যকৰ এই অভিযোগ তুলি আপেলৰ সকলো সামগ্রী নিষিদ্ধ কৰি দিছে ৰাছিয়াই৷ চৰকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈকে সকলোকে নির্দেশ দিয়া হৈছে আইফোনসহ আপেলৰ কোনো সামগ্রী ব্যৱহাৰ নকৰিবলৈ৷ চৰকাৰী নির্দেশত এই কথাও উল্লেখ কৰা হৈছে যে দুবছৰৰ ভিতৰতে আপেলৰ দৰে প্রযুক্তি নির্মাণ কৰা হ’ব ৰাছিয়াত৷ তাৰ পূর্বলৈ আইফোন অবিহনেই কাম–কাজ চলাব লাগিব চৰকাৰী বিষয়াসকলে৷ ইয়াৰ উপৰি সাধাৰণ নাগৰিকসকলেও আইফোন, আইপেডসহ আপেলৰ সমস্ত সামগ্রী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব৷ কালিৰে পৰা দেশখনত এই নিষেধজ্ঞা বলৱৎ হৈছে৷