বিশেষ বাৰ্তা, ১৯ জুলাইঃ ‘মোদী’ উপাধি গোচৰত কাৰাদণ্ডৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে৷ আনফালে মানহানিৰ গোচৰত শীর্ষ আদালতখনত কেভিয়েট দাখিল কৰিছিল মূল গোচৰকাৰী গুজৰাটৰ বিজেপি বিধায়ক পূর্ণেশ মোদীয়ে৷ আজি এই গোচৰৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠে উল্লেখ কৰিছে যে ৰাহুলৰ আবেদনৰ শুনানি আগন্তুক ২১ জুলাইত গ্রহণ কৰা হ’ব৷ ২০১৯ চনৰ ১৩ এপ্রিলত কর্ণাটকৰ কোলাৰৰ জনসভাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক কটাক্ষ কৰি ৰাহুলে ‘দুর্ভাগ্যজনক যে দেশৰ ডাঙৰ ডাঙৰ চোৰসকলৰ উপাধি মোদী’ বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে পূর্ণেশ মোদীৰ গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুৱাবলগীয়া হয় ৰাহুল গান্ধীয়ে৷ গুজৰাটৰ চুৰাটৰ আদালতে ৰাহুলক দুবছৰৰ কাৰাদণ্ডৰো ৰায় শুনায়৷