বিশেষ বাৰ্তা, ১৯ জুলাইঃ বেংগালুৰুত অনুষ্ঠিত বিৰোধী দলৰ বৈঠকক লৈ বহু চৰ্চা হৈছিল, তাৰ পিছত বৈঠকত সিদ্ধান্ত লোৱা গ্ৰেণ্ড এলায়েন্সৰ নাম এতিয়া শিৰোনামত। কাৰণ ইয়াৰ নাম INDIA ৰখা হৈছে। এতিয়া এই INDIAৰ প্ৰথমখন সভা হ’বলৈ গৈ আছে। আগন্তুক গ্ৰীষ্মৰ অধিৱেশনত চৰকাৰক ঘেৰি ৰখাৰ কৌশল প্ৰস্তুত কৰা হব এই বৈঠকত। কোৱা হৈছে যে এই বৈঠক ২০ জুলাইত দিল্লীত অনুষ্ঠিত হ’ব। গ্ৰীষ্মকালীন অধিৱেশনৰ বাবে প্ৰস্তুতি চলোৱা সূত্ৰসমূহে জনোৱা মতে, ২০ জুলাইৰ পুৱা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ কক্ষত বিৰোধী মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হ’ব। ২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ গ্ৰীষ্মকালীন অধিৱেশন আৰু ১১ আগষ্টলৈকে চলিব। পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপিক কঠোৰ প্ৰত্যাহ্বান জনাবলৈ ২৬টা বিৰোধী দলে INDIA নামেৰে নতুন মিত্ৰজোঁটৰ কথা ঘোষণা কৰে। অৱশ্যে এই মিত্ৰতাৰ পৰৱৰ্তী বৃহৎ বৈঠক মুম্বাইত অনুষ্ঠিত হ’ব, য’ত সকলো ডাঙৰ নেতা উপস্থিত থাকিব। এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত আসন ভাগ-বাটোৱাৰা আৰু নিৰ্বাচনী কাৰ্যসূচী নিৰ্ধাৰণ কৰা হ’ব। বৰ্তমান এই সন্দৰ্ভত কোনো আলোচনা হোৱা নাই। ইয়াৰ পূৰ্বে গ্ৰীষ্মকালীন অধিৱেশনৰ কৌশল সন্দৰ্ভত সকলো দলৰ সাংসদ একত্ৰিত হ’ব আৰু মোদী চৰকাৰক ঘেৰাও কৰিবলৈ সাজু হ’ব।