বিশেষ বাৰ্তা, ১৯ জুলাইঃ মেঘালয়ৰ পৰা আৰক্ষীৰ এটা বৃহৎ দল আহি উপস্থিত হৈছে দিছপুৰত। দিছপুৰ থানাত পলাতক কয়লাৰ বেহাত অভিযুক্তক বিচাৰি উপস্থিত হয় দলটো। ৱেষ্ট খাচী হিলচৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত উপস্থিত হৈছে মেঘালয় আৰক্ষীৰ দলটো। পলাতক কয়লা মাফিয়াকেইটাক বিচাৰি মহানগৰীত চলাব অভিযান। ইতিমধ্যে, অসম তথা মেঘালয়ত ৰুজু হৈ আছে কেইবাটাও গোচৰ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টেন্টো ডি মাৰাকৰ নেতৃত্বত আহিছে এই অভিযানকাৰী দলটো। ৭-৮জন কয়লা মাফিয়াক বিচাৰি এই অভিযান চলবা আৰক্ষীৰ দলটোৱে। পূৰ্বেও গুৱাহাটীত কেইবাটাও অভিযান চলাইছিল আৰক্ষীয়ে।