নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ দলমুখ চাৰিআলিত গেছ নিৰ্গমন

🔴ব্যস্ত ৰসৰাজ হোটেলত পাইপ ফাটি গেছ নিৰ্গমনক লৈ আতংকময় পৰিৱেশ

🔴ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পৰা ৰক্ষা শিৱসাগৰ চহৰ

🔴ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ এটা মাহৰ পুৰ্বে অৰুণচ আৰু দেৰ মাহৰ পুৰ্বে যমুনা ৰোডত সংঘটিত গেছ পাইপ লাইনত সংঘটিত দুটাকৈ বিধংসী অগ্নিকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই আজি পুণৰ শিৱসাগৰ চহৰৰ মাজমজিয়াত অনুৰূপ এক ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনাৰ সুত্ৰপাত ঘটিছিল ৷অৱশ্যে কেইবা গৰাকীও সচেতন ব্যক্তিৰ তৎপৰতাত এক ভয়াৱহ দূৰ্য্যোগৰ পৰা ৰক্ষা পৰিল শিৱসাগৰৰ সদা ব্যস্ত হোটেল ৰসৰাজৰ লগতে সমগ্ৰ চহৰ খন ৷ক্ৰমাৎ প্ৰাণ ঘাটী ৰূপ লবলৈ আৰম্ভ কৰা অসম গেছ কোম্পানীৰ পাইপ ফাটি পুণৰ সমগ্ৰ চহৰ খনেই বিপদৰ মুখলৈ গতি কৰাৰ ঘটনাক লৈ সমগ্ৰ শিৱসাগৰ চহৰ খনতেই সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷প্ৰাপ্ত বাতৰি মতে শিৱসাগৰ চহৰ খনৰ হৃদ পিণ্ড স্বৰূপ ঐতিহাসিক দলমুখ ছাৰিআলিতেই অৱস্থিত অতি ব্যস্ত হোটেল ৰসৰাদৰ বাৰাণ্ডাৰ তলেদি পাৰ হৈ যোৱা গেছ পৰিবাসী পাইপ লাইনৰ পৰা প্ৰচণ্ড শব্দ কৰি গেছ নিৰ্ণমণ হোৱা দৃষ্টি গোচৰ হয় একাংশ গ্ৰাহকৰ ৷লক্ষণীয় ভাৱে প্ৰায় সত্তৰৰ পৰা আশী গৰাকী গ্ৰাহকে সেই সময়ত হোটেলৰ ভিতৰত বহি চাহ খাই আছিল ৷স্মৰ্তব্য যে অতি ব্যস্ততম হোটেল খনৰ প্ৰৱেশদ্বাৰৰ তলতেই পাইপ ফাটি গেছ নিৰ্গমণ হৈছিল ৷আনহাতে গেছ নিৰ্গমণ হোৱা প্ৰৱেশদ্বাৰৰ সেই স্থানৰ পৰা ৰান্ধনী গৃহৰ দূৰত্ব প্ৰায় বিশ ফুট ৷ইয়াৰোপৰি গেছ নিৰ্গমণ হোৱা প্ৰৱেশদ্বাৰৰ দুই মুৰে হোটেলৰ নিজা দুখন পান দোকান ৷যি দুখন দোকানত গ্ৰাহকে ধূমপানো অহৰহ কৰে ৷ইফালে গ্ৰাহকে গিজ গিজাই থকা হোটেল খনৰ মূল প্ৰৱেশদ্বাৰৰ তলতেই পাইপ ফাটি গেছ নিৰ্গমণ হোৱা প্ৰতক্ষ্য কৰি সচেতন গ্ৰাহক কেই গৰাকীয়ে তৎপৰতাৰে পুৰুষ-মহিলা সহিতে হোটেলৰ ভিতৰৰ পৰা তৎমুহূত্বতে সকলো গ্ৰাহককে বাহিৰলৈ উলিয়াই নিয়াৰ ওপৰিও ৰান্ধনী গৃহত জ্বলি থকা গেছ বাৰ্ণাৰ সমুহ বন্ধ কৰি দিয়ে ৷ইয়াৰ পিছতেই ঘটনাৰ খবৰ পাই তৎমুহূত্বতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, সদৰ আৰক্ষীৰ দলৰ লগতে অসম গেছ কোম্পানীৰ কাৰিকৰী দলে প্ৰায় আধা ঘন্টাৰ অন্তত মূল ভাল্ব বন্ধ কৰি গেছৰ যোগান ব্যাহত কৰাৰ পিছতহে পৰিস্থিতি স্বাভাৱীক হয়৷ শেহতীয়া বাতৰি মতে অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিতিত গেছ কোম্পানীৰ কাৰিকৰী দলে উক্ত স্থানত মেৰামতি অব্যাহত ৰখাৰ লগতে পৰিস্থিতি স্বাভাৱীক নোহোৱা পৰ্য্যন্ত সতৰ্কতা মূলক ব্যৱস্থা হিচাবে সাময়িক ভাৱে হোটেল খনত গ্ৰাহক,কৰ্মচাৰীৰ প্ৰৱেশ বন্ধ ৰাখিছে৷ স্মৰ্তব্য যে, নিৰ্গমণ হোৱা গেছ যদিহে কিবা কাৰণত জুইৰ সংস্পৰশলৈ অহা হলেই সেই সময়ত হোটেল খনৰ ভিতৰত থকা সমুদায় গ্ৰাহক জুইত দগ্ধ হোৱাৰ সম্ভাৱনা আছিল৷ কিয়নো হোটেল খনৰ বিপৰীত দিশে ওলাই যাব পৰা কোনো বিকল্প পথ নাছিল৷ তেনেস্থলত গ্ৰাহকৰ তৎপৰতাত এক ভয়ংকৰ দুৰ্য্যোগৰ পৰা চহৰবাসী ৰক্ষা পৰাৰ ঘটনাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে প্ৰাণ ঘাটী অসম গেছ কোম্পানীৰ পাইপ লাইনত সঘন সংঘটিত অগ্নিকাণ্ডৰ তদন্তৰো দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like