নিয়মীয়া বাৰ্তা, ২১ জুলাই : পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী শিক্ষা সংসদে অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰস্তুত কৰি উলিওৱা পাঠ্যপুথি ২০১৬ শিক্ষাবৰ্ষৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ে প্ৰচলন কৰি অসমৰ শিক্ষা জগতত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে৷ শিক্ষা সংসদৰ অন্তৰ্গত এই বিদ্যালয়সমূহত ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয়ত সু-সংগঠিত শিক্ষাদান নিশ্চিতকৰণৰ অৰ্থে অহা ২৮, ২৯ আৰু ৩০ জুলাইত তিনিদিনীয়া নিৰ্ধাৰিত কাৰ্যসূচীৰে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী ডিগ্রী কলেজৰ সভাগৃহত এক বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ শিক্ষক প্রশিক্ষণ কর্মশালাৰ লগতে এখন প্রতিনিধি সভাৰো আয়োজন কৰা হৈছে। এই কর্মশালাত অংশগ্ৰহণৰ বাবে শিক্ষা সংসদৰ পাঠ্যপুথি প্ৰচলন কৰা বিদ্যালয়ৰ পৰা উল্লিখিত প্ৰতিটো বিষয়ৰ একোগৰাকীকৈ শিক্ষক অথবা শিক্ষয়িত্ৰী (মুঠ তিনিগৰাকী)ৰ লগতে ৩০ জুলাইত অনুষ্ঠিত হ’বলগীয়া শিক্ষক-প্রতিনিধি আৰু বিদ্যালয়ৰ মুৰব্বীসকলৰ সন্মিলনত বিদ্যালয়ৰ মুৰব্বীক উপস্থিত থাকিবলৈ শিক্ষা সংসদৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে ৷
প্ৰেৰক কল্যাণ কলিতা
Next Post
You might also like