বিশেষ বাৰ্তা, ২১ জুলাই : কালি নিশা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত পাথৰকোৱাৰী- সাতগাঁও সংযোগী পথত এক কঁকাল পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হয়। ফলত হাহাকাৰ অবস্থাৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। উল্লেখ্য যে বৃহস্পতিবাৰে মাজনিশা প্ৰবল বৃষ্টিপাত হয় মহানগৰীৰ বিভিন্ন প্ৰান্তত। এই বৃষ্টিপাতত পাথৰকো ৱাৰী-সাতগাঁও সংযোগী প্ৰায় এক কিলোমিটাৰ পথত অভাৱনীয়ভাবে কৃত্ৰিম বানৰ সৃষ্টি হয়। মুষলধাৰ বৰষুণ জাকৰ ফলত সমগ্ৰ পথ চোৱাত ঠাই বিশেষে ২-৩ ফুট পৰ্যন্ত পানী হয়। এই কৃত্ৰিম বানৰ ফলত আনকি পথৰ দাঁতিত থকা এছ এফ এছ স্কুল, নাৰেঙ্গী কেন্দ্ৰীয় বিদ্যালয়, আৰ্মী স্কুললৈ যোৱা পথ জলমগ্ন হৈ পৰে। ইয়াৰ ফলত বিদ্যালয়কেইখনত চলি থকা গ্ৰীষ্মকালীন পাঠ দান কাৰ্য ব্যাহত হয়। ইফালে পুৱা পৰ্যন্ত উক্ত পথ চোৱা জলমগ্ন হৈ থকাৰ ফলত যাতায়াত ব্যবস্থা ব্যাহত হোৱাৰ লগতে দুৰ্ভোগ ভুগিব লগা হয় সাধাৰণ জনতা। ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল প্ৰায় সকলো লোক যাতায়াত কৰাৰ ক্ষেত্ৰত জীয়াতু ভোগা পৰিলক্ষিত হয়। একাংশই নিজ গাড়ীৰে পাৰ হোৱাৰ চেষ্টা কৰে যদিও পানীৰ মাজত আবদ্ধ হৈ পৰে বহু বাহন। উল্লেখ্য যে পথটোৰ দুয়ো কাষে নলা নথকাৰ বাবে এনেদৰে প্ৰাায়ে কৃত্ৰিম বানে জলাকলা খুৱাই আহিছে অঞ্চল বাসীক। তাৎপৰ্যপূৰ্ণ ভাবে জন প্ৰতিনিধি আৰু চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
প্ৰেৰক বিভাষ দাস