নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ লখিমপুৰৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰাজগড়ত বনৰীয়া হাতীৰ সন্ত্ৰাস৷ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে বাসগৃহ। উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে পুনৰ নাৰায়ণপুৰৰ ৰাজগড়ত সংঘটিত হৈছে অনুৰূপ ঘটনা। অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে যোৱা নিশা অঞ্চলটোৰ ৰাতুল বৰাৰ গৃহত প্ৰৱেশ কৰি বহু সা-সম্পত্তি নষ্ট কৰে ৷ হাতীৰ জাকটোৱে ভড়াল ঘৰ ভাঙি ধান খোৱাৰ পিছত পাকঘৰ ভাঙি সকলো সামগ্ৰী নষ্ট কৰি লণ্ডভণ্ড কৰে। ইফালে হাতীৰ সন্ত্ৰাসৰ বাবে কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটিৰ ৷ আনৰ ঘৰত আশ্ৰয় ল’বলগীয়া হয় ৷উল্লেখ্য, বহুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে এনেদৰে উপদ্ৰৱ চলাই আহিছে। ৰাইজে বন বিভাগক অঞ্চলটো নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷
দীপজ্যোতি কাকতি