বিশেষ বাৰ্তা, ২১ জুলাইঃ সমগ্ৰ দেশ কঁপাই যোৱা মনিপুৰৰ কাণ্ডৰ ন্যায়ৰ দাবীত আজি ডিব্ৰুগড় চৌকিদিঙ্গীত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিশিষ্ট উপন্যাসিকা, নিৱন্ধকাৰ জুৰী বৰা বৰগোহাঞি আৰু সমাজৰ্কমী অৰ্পনা বৰাসহ বিচিত্ৰা খাৰঘৰীয়াই। দীৰ্ঘদিন ধৰি উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ আছে। মণিপুৰৰ ঘটনাই ইতিমধ্যেই এক সংকট অৱস্থাত উপনীত হৈছে। এইয়াই নহয় বিগত কিছুদিন ধৰি মণিপুৰত নাৰী নিৰ্যাতন সঘনাই ঘটি আছে। এই সংঘৰ্ষৰ ঘটনা অংশ হিচাপে দুগৰাকী নাৰীক ধৰ্ষণ কৰি উলংগ অৱস্থাত খোজ কঢ়াই যি ভয়ংকৰ অৱস্থা কৰিলে এই ঘটনা এখন গণতান্ত্ৰিক দেশৰ নাগৰিক বাবে অস্তথিকৰ। এনে ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ ব্যৱস্থা লব লাগে লোৱা দেখা নাই। ফলত নাৰীসকল নিৰাপত্তাৰ অভাৱত ভুগিছে। সেয়ে তাৰ প্ৰতিবাদত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা বুলি সদৰী কৰে বিশিষ্ট উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে সদৰী কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচী পালন কৰি তেওঁলোকে সংবাদ মাধ্যমক জনায় যে নাৰী সুৰক্ষা প্ৰথম চৰ্ত। উত্তৰ পূব ভাৰতৰ নাৰীৰ এই অৱস্থাই সকলোকে শংকিত কৰিছে। আমি সকলো নাৰীৰ নিৰাপত্তাৰ দাবী কৰিছোঁ বুলিও লগতে উল্লেখ কৰে।
প্ৰেৰক বিভাস দুৱৰা