নিয়মীয়া বাৰ্তা , ১৫ ফেব্রুৱাৰীঃ মধ্য অসমত শেহতীয়াকৈ একাংশ বিত্তীয় প্রতিষ্ঠানে দৰিদ্র শ্রেণীৰ মহিলাসকলক জধেমধে ঋণ প্রদান কৰাৰ পিছত কিস্তি আদায়ৰ ক্ষেত্রত মানসিক নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মৰিগাঁৱত শুকুৰবাৰে সদৌ তিৱা ছাত্র সন্থা আৰু তিৱা যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত শতাধিক ঋণগ্রস্ত মহিলাই বন্ধন, আৰোহণ, ইউনাক আদি প্রতিষ্ঠানৰ কার্যালয়ৰ সন্মুখত বিক্ষোভ কৰে ৷ মহিলাসকলৰ অভিযোগ– তেওঁলোকক ঋণ প্রদান কৰা বিত্তীয় প্রতিষ্ঠানৰ কর্মচাৰীসকলে কিস্তি আদায় দিব নোৱাৰিলে অভব্য আচৰণ কৰাৰ লগতে অশালীন মন্তব্য কৰে ৷ ঋণ প্রদানৰ পিছত দৰিদ্র মহিলাসকলৰ লগত বিভিন্ন সময়ত কর্মচাৰীসকলে তর্কযুদ্ধত লিপ্ত হয় বুলি অভিযোগ উত্থাপন কৰিছে মহিলাসকলে ৷ আনহাতে হঠাৎ চহৰত সমৱেত হোৱা শ শ মহিলাৰ সমস্যা সম্পর্কত মন্তব্য কৰি তিৱা ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সম্পাদক চেনিৰাম মালাং আৰু তিৱা যুৱ–ছাত্র পৰিষদৰ সম্পাদক ৰখেশ্বৰ দেউৰীয়ে কয় যে এই বিত্তীয় প্রতিষ্ঠানসমূহে ৰিজার্ভ বেংকৰ নীতি–নিয়ম সম্পূর্ণ জলাঞ্জলি দি ঋণ প্রদান কৰি আহিছে আৰু ঋণ আদায়ৰ নামত সম্পূর্ণ ডকাইতৰ দৰে আচৰণ কৰিছে ৷ দুয়োটা সংগঠনে বিত্তীয় প্রতিষ্ঠানসমূহ সম্পর্কত প্রয়োজনীয় পদক্ষেপ গ্রহণৰ দাবী জনাইছে জিলা প্রশাসনক ৷ আনহাতে প্রতিবাদী মহিলাসকলৰ অভিযোগ যে বিত্তীয় প্রতিষ্ঠানৰ কর্মচাৰীসকলে কিস্তি আদায়ৰ নামত মহিলাসকলৰ দুর্বলতাৰ সুযোগ লৈ নির্যাতন চলাইছে ৷