নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ জালত ধুবুৰী জিলা পৰিষদৰ চিইঅ’ বিশ্বজিৎ গোস্বামী-অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰ

নিয়মীয়া বাৰ্তা, ২২ জুলাই : “এশ গৰু মাৰিলে বাঘৰো মৰণ”- এই আপ্তবাক্যশাৰীক সত্যত পৰিণত কৰি দুৰ্নীতিৰে পাহাৰসম সম্পত্তিৰ গৰাকী হোৱা ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বিশ্বজিৎ গোস্বামী অৱশেষত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত পৰিল। লগতে বিষয়াগৰাকীৰ উৎকোচৰ বেহাৰ আন এগৰাকী সহযোগী তথা কাৰ্যালয়টোৰ অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰকো গ্ৰেপ্তাৰ কৰিছে দলটোৱে। উল্লেখ্য যে ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত ফকিৰগঞ্জ জিলা পৰিষদ সদস্য ডঃ জাকিৰ হুছেইনে আঁচনিৰ ধন মোকলাই দিয়াৰ বিনিময়ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উপঢৌকন বিচৰা বুলি কৰা এক অভিযোগৰ ভিত্তিত কালি বিয়লি তদাৰকী কোষৰ এটি দলে ধুবুৰীস্থ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলায়। দলটোৱে ৰচা কৌশল অনুসৰি ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য হুছেইনে কালি বিয়লি কাৰ্যালয়টোত উপস্থিত হৈ বিষয়াগৰাকীক সাক্ষাৎ কৰে আৰু এচিএছ বিষয়াগৰাকীৰ নিৰ্দেশ মতেই তেওঁ কাৰ্যালয়টোৰ অতিৰিক্ত জিলা আঁচনি বিষয়া সৰকাৰক ৩০ হাজাৰ টকা প্ৰদান কৰে। ধনখিনি লৈ অতিৰিক্ত জিলা আঁচনি বিষয়াগৰাকীয়ে চিইঅ’গৰাকীৰ কাৰ্যালয় কক্ষত প্ৰৱেশ কৰাৰ লগে লগে পূৰ্বৰে পৰা খাপ পিটি থকা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটি দলে অকস্মাতে কোঠালিটোত প্ৰৱেশ কৰি দুয়োকে ৩০ হাজাৰ টকা উপঢৌকন গ্ৰহণ কৰাৰ বিষয়ত হাতে-লোটে ধৰা পেলায়। পিছত চিইঅ’ গোস্বামীক ল’গত লৈ ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ত থকা বিষয়াগৰাকীৰ চৰকাৰী বাসগৃহতো তালাচী চলায় ভিজিলেঞ্চে। তালাচী চলোৱা হয় বিষয়াগৰাকীৰ চৰকাৰী বাহনখনতো। আনহাতে, ধুবুৰীৰ গৌৰীপুৰৰ মৃণালকান্তি সৰকাৰৰ ঘৰতো গভীৰ নিশালৈ তালাচী অভিযান চলায় দলটোৱে। অৱশ্যে তালাচীত কি পালে, সেয়া অৱগত নকৰিলেও দুয়োৰে বাসগৃহৰ পৰা ভিজিলেঞ্চৰ দলটোৱে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলিয়েই প্ৰকাশ। ইপিনে, নিশাৰ ভাগত ধুবুৰীৰ উপৰি চিইঅ’ গোস্বামীৰ অভয়াপুৰীৰ গৃহকে ধৰি বঙাইগাঁৱত থকা ফ্লেট এটাতো অভিযান আৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। জানিব পৰা মতে, তালাচীৰ সময়ত বিষয়াগৰাকীৰ বঙাইগাঁৱৰ ফ্লেটৰ পৰা টকাৰ বাণ্ডিল, ধন বিনিয়োগ কৰাৰ বিভিন্ন ধৰণৰ নথি-পত্ৰ আৰু কেইবাটাও বেংক একাউন্টৰ সবিশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে। আনুষ্ঠানিকভাৱে একো নজনালেও কলংকিত সেই এচিএছ বিষয়াগৰাকীৰ পৰা এতিয়ালৈকে সৰ্বমুঠ ২ কোটি ৩২ লাখ ৮৫ হাজাৰ ৩শ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ভিজিলেঞ্চে। চৰ্চা অনুসৰি, অভয়াপুৰী, বঙাইগাঁও, গুৱাহাটী আদি বিভিন্ন স্থানত ১০টাৰো অধিক কোটি কোটি টকীয়া সম্পত্তি আছে গোস্বামীৰ। ইপিনে, কালিৰ পৰা ধুবুৰীত আৰম্ভ হোৱা ভিজিলেঞ্চৰ সেই অভিযান আজি পুৱা প্ৰায় ৫ বজালৈ চলে। প্ৰায় ১২ ঘন্টীয়া সেই অভিযানৰ অন্তত ধুবুৰী জিলা পৰিষদৰ চিইঅ’ বিশ্বজিৎ গোস্বামী আৰু অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰক লগত লৈ ধুবুৰীৰ পৰা ওলাই যায় দলটো। জানিব পৰা মতে, ভিজিলেঞ্চৰ দলটোৱে বিষয়াগৰাকীক প্ৰথমে বঙাইগাঁৱৰ তেওঁৰ ফ্লেটলৈ নিয়ে আৰু কেতবোৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছত দুয়োকে লৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰে। ইপিনে, অভিযোগকাৰী ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য ডঃ জাকিৰ হুছেইনে স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত জিলা পৰিষদৰ কাৰ্যালয়টোক এক দুৰ্নীতিৰ পাহাৰ বুলি আখ্যা দি কাৰ্যালয়টোৰ নিম্নবৰ্গৰ কৰ্মচাৰীৰ পৰা চিইঅ’লৈকে অভিযোগৰ আঙুলি তোলে। ইপিনে, সৰ্বসাধাৰণ লোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ এই দুৰ্নীতিবিৰোধী স্থিতিক আদৰণি জনোৱাৰ সমান্তৰালকৈ ভিজিলেঞ্চৰ প্ৰায় ১২ ঘন্টীয়া অভিযানৰ পিছত কাৰ্যালয়টোৰ আন কেইবাগৰাকী কৰ্মচাৰীকে ধৰি আন কেইবাটাও চৰকাৰী বিভাগৰ বিষয়া, একাংশ কৰ্মচাৰীকে ধৰি কেইজনমান ঠিকাদাৰৰূপী মধ্যভোগীৰো থৰকাছুটি হেৰোৱা বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like