নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট প্ৰেছ ক্লাবৰ জৰুৰী সাধাৰণ সভা সম্পন্ন

🔹 বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

বাৰ্তা ব্যুৰ’, ২২ জুলাই : বিগত কিছুদিন ধৰি যোৰহাটৰ সংবাদক্ষেত্ৰখন কলুষিত কৰিব পৰা কিছু ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে আজি যোৰহাট প্ৰেছ ক্লাবৰ এখন জৰুৰী সাধাৰণ সভা যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয়। যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক প্ৰদীপ বৰাই। উদ্দেশ্য ব্যাখ্যাত সম্পাদক প্ৰদীপ বৰাই কয় যে কিছুদিন পূৰ্বে যোৰহাটৰ সাংবাদিক আৰু ব্যৱসায়ীৰ মাজত হোৱা বাৰ্তালাপৰ এক অডিঅ’ ভাইৰেল হোৱাৰ পাছত সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হোৱাৰ লগতে যোৰহাটৰ সংবাদক্ষেত্ৰখন কলুষিত হৈছে। পুনৰ যাতে কাৰো এনে কাৰ্যৰ বাবে যোৰহাটৰ সংবাদ ক্ষেত্ৰখন বদনামী হব নোৱাৰে, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত। আৰু এই ধৰণৰ বিতৰ্ক সৃষ্টি হোৱাৰ বাবেই আজিৰ এই জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে বুলি উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে। আজিৰ সভাত অংশগ্ৰহণ কৰি যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলে বক্তব্য প্ৰদান কৰাৰ লগতে মতামত আগবঢ়ায়। বিশেষকৈ জনৈক উৎপল নামৰ সাংবাদিকজনে এজন ব্যৱসায়ীৰ সৈতে কথোপকথনত কোৱা কথা সম্পূৰ্ণ ৰূপে নীতিবহিৰ্ভূত আৰু সাংবাদিক সমাজৰ বাবে অতিশয় লজ্জাজনক বুলি একমুখে গৰিহণা দিয়ে। আনহাতে আজিৰ জৰুৰী সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, সামাজিক মাধ্যমত ভাইৰেল অডিঅ’ ক্লিপত জনৈক উৎপল, তপন, উত্তম, পংকজ, গোপাল নামৰ ব্যক্তিৰ মাজত হোৱা কথোপকথনত “যোৰহাটৰ বাকী সাংবাদিকে টকাতো ঘৰলৈ লৈ যায়, আৰু আমি অফিচত দিব লাগে, আমাৰ অফিচটো বেলেগ….” এই ভাষ্যই যোৰহাটৰ সকলো সাংবাদিকক জনমানসত হেয় প্ৰতিপন্ন কৰিছে। এনে মন্তব্যই সাংবাদিকৰ সামাজিক ভাবমূৰ্তি ম্লান কৰিছে আৰু ৰাজ্যৰ বিভিন্ন মহলে যোৰহাটৰ সাংবাদিকক সমালোচনা কৰিছে। এনে কাৰ্যক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে কোনো সাংবাদিক বা সাধাৰণ লোকক কোনো মাধ্যমত যোৰহাটৰ সমূহ সাংবাদিকক একাকাৰ কৰি এনে ধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। যদি এনে কাৰ্যৰ পুনৰাবৃত্তি হয় তেন্তে তেনে পক্ষৰ বিৰুদ্ধে যোৰহাট প্ৰেছ ক্লাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিয়ে। আনহাতে, আজিৰ সভাই যোৰহাট সদৰ থানাত গোচৰ পঞ্জীয়ন হৈ থকাৰ বাবে দুই সাংবাদিক তপন মিশ্ৰ আৰু সত্যজিৎ বৰঠাকুৰক তৎকালীনভাৱে বলবৎ হোৱাকৈ যোৰহাট প্ৰেছ ক্লাবৰ সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে উৎপল বৰাকো (বৰ্তমান সদস্য নহয়) উল্লিখিত দুজনৰ দৰে দোষমুক্ত নোহোৱা পৰ্যন্ত যোৰহাট প্ৰেছ ক্লাবৰ সদস্য পদ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে, ইমদাদ আলী নামৰ এজন তথাকথিত সাংবাদিকে গুৱাহাটীস্থিত জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ত ২০ জুলাইত উৎপল বৰা সন্দৰ্ভত মন্তব্য কৰি “৯০ শতাংশ সাংবাদিকে টকা খায়, ময়ো খাওঁ” বুলি কৰা মন্তব্যই অসমৰ সকলো সাংবাদিকক জনমানসত হেয় প্ৰতিপন্ন কৰিছে, লজ্জিত কৰিছে আৰু সাংবাদিকৰ সন্মান হানি কৰিছে- এই কথাক যোৰহাট প্ৰেছ ক্লাবে একমুখে ধিক্কাৰ, গৰিহণা দিয়াৰ লগতে তথাকথিত সাংবাদিক ইমদাদ আলীৰ বিৰুদ্ধে  আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে যোৰহাটৰ আৰক্ষী অধীক্ষকক এখন এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰেৰক প্ৰদীপ বৰা

You might also like