নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–বঙাইগাঁও–অভয়াপুৰীসহ ১১ স্থানত বিশ্বজিৎ গোস্বামীৰ ভূমি-ফ্লেট-অট্টালিকা

📌 দুর্নীতিৰ ধনেৰে সম্পত্তিৰ পাহাৰ ধুবুৰী জিলা পৰিষদৰ চিইঅ’ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : সহকর্মীৰ জৰিয়তে উৎকোচ লৈ তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযানকাৰী দলৰ জালত পৰা ধুবুৰী জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) বিশ্বজিৎ গোস্বামীৰ দুর্নীতিৰ বহু ক’লা অধ্যায় পোহৰলৈ আহিছে৷ দুর্নীতিৰ ধনেৰে এইজন এচিএছ বিষয়াই গঢ়ি তুলিছিল সম্পত্তিৰ বিশাল পাহাৰ৷ যি কথা স্পষ্ট হৈছে অভিযানকালত তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে বিশ্বজিৎ গোস্বামীৰ চৰকাৰী আৱাস আৰু বঙাইগাঁৱৰ সংগ্রাম নিলয় এপার্টমেণ্টত অধ্যাপিকা পত্নী লিলি দেৱী গোস্বামীৰ নামত থকা ফ্লেটৰ পৰা জব্দ কৰা বৃহৎ পৰিমাণৰ নগদ ধন, ভূমি ক্রয়ৰ নথি, বেংক একাউণ্ট, বিনিয়োগৰ কাগজ–পত্র আদিৰ পৰাই৷ সাধাৰণ এজন এচিএছ বিষয়া হোৱাৰ পাছতো বিশ্বজিৎ গোস্বামীয়ে গুৱাহাটী–বঙাইগাঁও–অভয়াপুৰীসহ ১১ স্থানত নামে–বেনামে গঢ়ি তুলিছিল অট্টালিকা–ফ্লেট–মাটি৷ দুর্নীতিগ্রস্ত বিশ্বজিৎ গোস্বামীৰ পত্নী লিলি দেৱী গোস্বামী বিজনী মহাবিদ্যালয়ৰ অধ্যাপিকা বুলি জানিব পৰা গৈছে৷ কিন্তু এজন এচিএছ বিষয়া আৰু এগৰাকী অধ্যাপিকাই দৰমহাৰ ধনেৰে এই বিশাল সম্পত্তি গঢ়ি তোলাটো সম্ভৱনে? সম্প্রতি এই প্রশ্ণটো সর্বত্র চর্চা হৈছে৷ উল্লেখ্য যে ধুবুৰী জিলা পৰিষদৰ চিইঅ’জনে আঁচনিৰ ধন মোকলাই দিয়াৰ নামত মুঠ বিলৰ বিপৰীতে ৯ শতাংশ উৎকোচ বিচাৰিছিল ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য ড০ জাকিৰ হুছেইনৰ পৰা৷ এই সন্দর্ভত ড০ হুছেইনে তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ত অভিযোগ দাখিল কৰে৷ তাৰ ভিত্তিতে পৰহি ধুবুৰী জিলা পৰিষদৰ কার্যালয়ত তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ আৰক্ষী অধীক্ষকক সিংহৰাম মিলিৰ নেতৃত্বত এটা দলে অভিযান চলায়৷ অভিযানকাৰী দলটোৰ পৰামর্শ অনুসৰি ড০ হুছেইনে চিইঅ’ বিশ্বজিৎ গোস্বামীক সাক্ষাৎ কৰে আৰু উৎকোচ হিচাপে ৩০ হাজাৰ টকা আদায় দিব বিচাৰে৷ কিন্তু চিইঅ’ বিশ্বজিৎ গোস্বামীয়ে সেই ধন অতিৰিক্ত জিলা আঁচনি প্রবন্ধক মৃণালকান্তি সৰকাৰক দিবলৈ পৰামর্শ দিয়ে৷ সেই মতে ড০ হুছেইনে উৎকোচৰ ধন অতিৰিক্ত জিলা আঁচনি প্রবন্ধক মৃণালকান্তি সৰকাৰক আদায় দিয়াৰ সময়তে সন্ধিয়া ৭.৩০ বজাত চৰকাৰী কর্মচাৰীজনক হাতে–লোটে গ্রেপ্তাৰ কৰে তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ দলটোৱে৷ একে সময়তে উৎকোচ দাবীৰ অভিযোগত চিইঅ’ বিশ্বজিৎ গোস্বামীকো গ্রেপ্তাৰ কৰা হয়৷ ইয়াৰ পিছতে এচিএছ বিষয়াজনৰ ধুবুৰীত থকা চৰকাৰী আৱাসত তালাচী চলাই অভিযানকাৰী দলে ১,৬৯,০০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালভাৱে গৌৰীপুৰত থকা ধৃত মৃণালকান্তি সৰকাৰৰ ঘৰতো তালাচী চলে৷ নিশাৰ ভাগত দুর্র্নীতিগ্রস্ত চিইঅ’ বিশ্বজিৎ গোস্বামীক লৈ তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ দল ৰাওনা হয় অভয়াপুৰী আৰু বঙাইগাঁও অভিমুখে৷ বিশ্বজিৎ গোস্বামীৰ অভয়াপুৰীস্থিত বাসগৃহ আৰু বঙাইগাঁৱৰ পত্নীৰ ফ্লেটত মাৰাথন তালাচী চলে ৷ কালি দুপৰীয়া পর্যন্ত চলা অভিযানত বঙাইগাঁৱৰ ফ্লেটৰ পৰা ২,৩১,১৬,৩০০ টকা, ৬টা বেংক একাউণ্টকে ধৰি বিভিন্ন ধৰণৰ নথি–পত্র উদ্ধাৰ হয়৷ অর্থাৎ ঘোচখোৰ এচিএছ বিষয়াজনৰ পৰা উদ্ধাৰ হৈছে মুঠ ২,৩২,৮৫,৩০০ টকা৷ ইফালে, অভিযান সামৰি ধৃত দুয়োজনকে কালি গুৱাহাটীলৈ আনে তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ দলে৷ দুয়োৰে বিৰুদ্ধে ইতিমধ্যে এচিবিৰ থানাত দুর্নীতি প্রতিৰোধ আইনৰ ৭(ক) ধাৰাৰ অধীনত ৫৩/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে৷ কালি বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰক কাৰাগাৰলৈ প্রেৰণ কৰে আৰু অহা ২৪ জুলাইত পুনৰ হাজিৰ কৰাবলৈ নির্দেশ দিয়ে আদালতে৷

You might also like