নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত কীৰ্তিমানক সম্বৰ্ধনা বিধায়ক নৱ কুমাৰ দলেৰ

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰশংসনীয় সফলতা অৰ্জন কৰি ৰাজ্যখনৰ লগতে ঢকুৱাখনা সমষ্টিলৈকো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বিদ্যাৰ্থীসকলৰ লগতে, দুগৰাকী যুৱ লেখক আৰু স্নাতক /স্নাতকোত্তৰ পৰীক্ষাত সুনাম অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে সমষ্টিটোত ১০০ শতাংশ উত্তীৰ্ণ বিদ্যালয়সমূহকো ৰাজহুৱাভাৱে আদৰ সম্ভাষণ জনাই আহিছে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই ৷ বিগত ১২ বছৰ ধৰি সমষ্টিবাসীৰ সহযোগত বিধায়কগৰাকীয়ে টীম ঢকুৱাখনা আৰু ৰাইজ এনজিঅ’ৰ সহযোগত অনুষ্ঠিত কৰি অহা “কৃতী বিদ্যাৰ্থীলৈ বিশেষ অভিনন্দন“ অনুষ্ঠানটি এই বছৰো ঘিলামৰা কৃষ্টি ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰি ঢকুৱাখনা, ঘিলামৰা, বগীনদী আদিৰ কীৰ্তিমানক মানপত্ৰ, ধৰ্মগ্ৰন্থ আদিৰে সম্বৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয় অধ্যাপক দিনেশ্বৰ গগৈৰ সভাপতিত্বত বিধায়ক নৱ কুমাৰ দলেই আদৰণী ভাষণ প্ৰদান কৰা বিশেষ অভিনন্দন অনুস্থানত অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি কাৰ্তিক কলিতা, ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, ঢকুৱাখনা, ঘিলামৰা, বগীনদী আদিৰ বিদ্যালয়-মহাবিদ্যালয়সমুহৰ অৰ্ধশতাধিক অধ্যক্ষ  উপাধ্যক্ষ আৰু প্ৰধান শিক্ষককে ধৰি সমষ্টিৰ বিশিষ্ট ব্যক্তিসকল, কীৰ্তিমানসকলৰ অভিভাৱক/অভিভাৱিকা আদিৰ উপৰি ঘিলামৰা, ঢকুৱাখনা, বগীনদী আদিৰ দলীয় কৰ্মকৰ্তা সকলো উপস্থিত থাকে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like