নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ মুম্বাইত অনুষ্ঠিত হৈ থকা ‘লেকমি ফেশ্বন উইক’ত জিলিকিল অসমীয়া পৰম্পৰাগত পাটৰ বস্ত্রশিল্প৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই প্রস্তুত কৰা নৱতম বস্ত্র সম্ভাৰ ‘প্রয়াস’ৰ কষ্টিউম পৰিধান কৰি ৰেম্পত খোজ পেলায় বলীউডৰ ‘ষ্টাৰ কাপল’ জনপ্রিয় অভিনেতা কৰণ সিং গ্র’ভাৰ আৰু বিপাশা বসুৱে ৷ উল্লেখ্য যে অসমৰ পাট–মুগা উৎপাদনস্থলীসমূহ পৰা সবাতোকৈ উৎকৃষ্ট পাট–মুগা নির্বাচন কৰি সংযুক্তা দত্তৰ ‘প্রয়াস’ৰ বস্ত্রসমূহ প্রস্তুত কৰা হৈছে ৷ ইয়াৰ পূর্বেও সংযুক্তা দত্তৰ হৈ ৰেম্পত খোজ দিছিল বিপাশা বসুৱে ৷ দ্বিতীয়বাৰৰ বাবে সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্র পৰিধান কৰা বিপাশা বসুৱে কয় যে দ্বিতীয়বাৰৰ বাবে সংযুক্তা দত্তৰ হৈ ৰেম্পত খোজ দিবলৈ পাই মই খুবেই সুখী ৷ সংযুক্তা দত্ত খুবেই সৃষ্টিশীল ৷ তেওঁ ভালদৰে জানে পৰম্পৰাগত সাজপাৰক কিদৰে নতুন তথা আধুনিক ৰূপ দিব পাৰি ৷ পৰম্পৰাগত অসমীয়া সাজপাৰত মোৰ স্বামী কৰণৰ সৈতে ৰেম্পত খোজ দি মই আৰু সুখী হৈছোঁ ৷ কিয়নো আমাৰ দুয়োৰে বাবে পৰম্পৰাগত সাজপাৰ খুবেই প্রিয় ৷ অভিনেতা কৰণ সিং গ্র’ভাৰেও ডিজাইনাৰ সংযুক্তা দত্তক প্রশংসা কৰে ৷
তেওঁ কয় যে অসমৰ পাট–মুগাৰ উদ্যোগ জিলিকাই তুলিবলৈ সংযুক্তা দত্তই যথেষ্ট কষ্ট কৰিছে ৷ যিসকলে পৰম্পৰাগত সাজপাৰৰ ক্ষেত্রত কিবা নতুন বিচাৰিছে, মই তেওঁলোকক সংযুক্তা দত্তৰ দ্বাৰা প্রস্তুত কৰা বস্ত্র নির্বাচন কৰিবলৈ অনুৰোধ কৰিম ৷ ডিজাইনাৰ সংযুক্তা দত্তই প্রতিক্রিয়া প্রকাশ কৰি কয় যে মই সদায় নিজৰ বস্ত্র সম্ভাৰত নতুনত্ব দিবলৈ চেষ্টা কৰি আহিছোঁ ৷ অসমীয়া পাটৰ বস্ত্র পৰিধান কৰাত বিপাশা বসু আৰু কৰণ সিং গ্র’ভাৰক খুবেই আকর্ষণীয় লাগিছিল৷ যাৰ বাবে মই খুবেই সুখী হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ ৷