নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত “সীমান্ত চেতনাৰ বাবে মাৰাথন”

নিয়মীয়া বাৰ্তা,  ২৩ জুলাই : অহা ২৯ আৰু ৩০ জুলাইত দুদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিকৰ বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি আজি ধুবুৰীত সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত এক মাৰাথন দৌৰ অনুষ্ঠিত হয়। আজি পুৱা “সীমান্ত চেতনাৰ বাবে মাৰাথন” শীৰ্ষক সেই দৌৰৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে সীমান্ত চেতনা মঞ্চৰ অখিল ভাৰতীয় সহ-সংযোজক প্ৰদীপণ আৰু ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙে। ধুবুৰীৰ শ্মশান কালী মন্দিৰৰ সন্মুখৰ পৰা আৰম্ভ হোৱা সেই বিশেষ মাৰাথন দৌৰৰ চহৰখনৰ বিভিন্ন পথেদি গৈ সংগঠনটোৰ বালুৰচৰস্থিত কাৰ্যালয় সীমান্ত ভৱনত উপস্থিত হোৱাৰ পিছত সমাপ্তি ঘটে। শেষত সংগঠনটোৰ ধুবুৰীস্থ নগৰ কমিটীৰ কাৰ্যালয় প্ৰাংগণত সাংগঠনিক পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ সমাপন ঘটে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like