নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিপি জি পি সিঙক অসম এৰিবলৈ শেষ সকীয়নি আলফা (স্বাধীন)ৰ

📌 ৰাজ্যৰ থলগিৰিৰ ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্রদর্শনৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডিজিপি) জি পি সিঙক অসম এৰিবলৈ সকীয়নি প্রদান কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী, অসম (আলফা) স্বাধীনে ৷ এক বিবৃতিত আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে কয়- ‘যোৱা বছৰৰ এপ্রিলত শিৱসাগৰৰ সূৰুয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছিল৷ ডিজিপি জি পি সিঙে বাৰে বাৰে অসমৰ থলগিৰিৰ ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্রদর্শন কৰা হয় বন্ধ কৰক, নহয় অসম এৰক ৷ এয়া আমাৰ শেষ সকীয়নি৷’ উল্লেখ্য যে আলফা (স্বাধীন)ৰ নামত ধন সংগ্রহ কৰা বুলি ডিব্রুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰিছিল৷ ৩ লাখ টকাসহ মহিলাগৰাকীক গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীৰ দাবীৰ বিপৰীতে ৩ লাখ টকাসহ গ্রেপ্তাৰ হোৱা মহিলাগৰাকীৰ সৈতে আলফা (স্বাধীন)ৰ কোনো সম্পর্ক নাই বুলিও বিবৃতিটোৰ জৰিয়তে ৰুমেল অসমে স্পষ্ট কৰিছে৷ সেয়েহে আলফা (স্বাধীন)ৰ নামত থলগিৰি ৰাইজৰ ওপৰত নির্যাতন বন্ধ কৰিবলৈ দাবী উত্থাপন কৰি বিবৃতিটোত তেওঁ কয়- ‘শিৱসাগৰ জিলাৰ গেলেকীত হেম চেতিয়া নামৰ এজন ব্যক্তিক একেই কাৰণত মৰাণহাট আৰক্ষীয়ে গ্রেপ্তাৰ কৰি শীতল মস্তিষ্কৰে ভৰিত গুলীয়াই আঘাত কৰে৷ উক্ত লোকজনক আলফা (স্বাধীন)–এ ধন সংগ্রহৰ বাবে নিয়োগ কৰা নাছিল৷ সংগঠনৰ নাম লৈ কোনো দুষ্টচক্রই হয়তো তেওঁক ব্যৱহাৰ কৰিব পাৰে৷ অসম আৰক্ষীয়ে কোনোধৰণৰ বাছ–বিচাৰ নকৰি আমাৰ সংগঠনৰ সদস্য বুলি জধে–মধে ভুৱা এনকাউণ্টাৰ কৰি বীৰত্ব প্রদর্শন কৰাতকৈ অসমৰ থলগিৰি জনগণৰ কৰ–কাটলেৰে জমা হোৱা ৰাজকোষৰ কোটি কোটি টকা অন্যায়ভাৱে আত্মসাৎ কৰা বঙাইগাঁৱৰ এচিএছ বিষয়া বিশ্বজিৎ গোস্বামী, মৃণালকান্তি সৰকাৰৰ দৰে দুর্নীতিগ্রস্ত ব্যক্তি আৰু কয়লা, বার্মিজ চুপাৰিৰ ছিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়া মিলন বুঢ়াগোহাঁই, লাচিত গগৈৰ লগতে তেওঁলোকে প্রকাশ কৰা আৰক্ষী তথা চৰকাৰী বিষয়াসকলক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক৷’

You might also like