নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ প্রাক্তন মন্ত্রী তথা বর্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত শুকুৰবাৰে বহুকেইজন কংগ্রেছ নেতা–কর্মীয়ে দল ত্যাগ কৰিছে ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ তথা লাওখোৱা ব্লক কংগ্রেছৰ অন্তর্গত ভূৰবন্ধা মণ্ডল কংগ্রেছৰ সাতগৰাকী সদস্যই শুকুৰবাৰে কংগ্রেছ দলৰ পৰা অব্যাহতি বিচাৰি মণ্ডল কংগ্রেছৰ সভাপতিলৈ পত্র প্রেৰণ কৰিছে ৷ আগন্তুক বিধানসভা নির্বাচনৰ বাবে যি সময়ত বিভিন্ন ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধি ৰাইজৰ মাজত সোমাই দলীয় স্থিতি মজবুত কৰিবৰ বাবে উঠিপৰি লাগিছে, সেই সময়ত চামগুৰিৰ সাতজন সক্রিয় কংগ্রেছীয়ে দলৰ পৰা অব্যাহতি বিচাৰি ব্লক কংগ্রেছৰ সভাপতিলৈ পত্র প্রেৰণ কৰা কার্যই বিশেষভাৱে লক্ষণীয় হৈ পৰিছে ৷ শুকুৰবাৰে মণ্ডল কংগ্রেছৰ বিভিন্ন বিষয়বাবৰ পৰা লাওখোৱা ব্লক কংগ্রেছৰ সভাপতি জগদীশ সিনহাক অব্যাহতি পত্র দিয়া সক্রিয় কংগ্রেছ কর্মীসকল হ’ল ক্রমে নুৰুল আমিন, আব্দুল কাদিৰ, হাছেন আলী, আবুজান হুছেইন, নুৰ ইছলাম, আমিনুল হক খান আৰু ছইফউদ্দিন আহমেদ ৷ উল্লেখ্য যে, আটাইকেইজন কংগ্রেছ কর্মীয়েই সুকীয়াকৈ অব্যাহতি পত্র মণ্ডল কংগ্রেছৰ সভাপতিক অর্পণ কৰে ৷ চামগুৰি সমষ্টিৰ সাতগৰাকীকৈ কংগ্রেছ কর্মীয়ে কংগ্রেছৰ বিষয়বাবৰ পৰা অব্যাহতিৰ কাৰণ বর্তমানপর্যন্ত জানিব পৰা হোৱা নাই ৷ ইফালে দলীয় এক সূত্রই জানিবলৈ দিয়া মতে দলীয় অন্তঃকন্দলৰ বাবেই সক্রিয় কংগ্রেছ কর্মীকেইজনে দলৰ পৰা অব্যাহতি বিচাৰিছে ৷
Prev Post
Next Post