নিয়মীয়া বাৰ্তা, ২৫ জুলাই : ওদালগুৰিৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত বাঁহমোল্লা গাঁৱৰ অপহৃত নৱম শ্ৰেণীৰ এগৰাকী অপহৃত ছাত্ৰীক খৈৰাবাৰী আৰক্ষীয়ে যোৱানিশা উদ্ধাৰ কৰে। বাঁহমোল্লাৰ ওচৰৰে হেদায়েৎপুৰ (শান্তি পুখুৰী) গাঁৱৰ মুস্তাফিজুৰ হক নামৰ এজন যুৱকে ২০ জুলাইত নৱম শ্ৰেণীত পঢ়ি থকা ১৫ বছৰীয়া নাবালিকা এগৰাকীক ঘৰৰ পৰা অপহৰণ কৰি নি পলুৱাই ৰাখিছিল। নিশা হঠাতে ছোৱালীজনী সন্ধানহীন হৈ পৰাত ছোৱালীজনীৰ মাতৃয়ে নিশাই ছোৱালীজনীক বিচাৰ-খোঁচাৰ কৰে যদিও ছোৱালীজনীৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। পিছদিনা লগে লগে মাতৃয়ে খৈৰাবাৰী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। হেদায়েৎপুৰ (শান্তি পুখুৰী)ৰ মুস্তাফিজুৰ হকে নানা প্ৰলোভন দি বলপূৰ্বকভাৱে ছোৱালীজনীক অপহৰণ কৰি নিয়ে বুলিও এজাহাৰত উল্লেখ কৰে। সেইমৰ্মে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি পাঁচ দিনৰ মূৰত এক গোপন সূত্ৰৰ পম খেদি যোৱানিশা দৰঙৰ দিপীলাৰ ওচৰৰ হাতীমাৰাত অপহৃত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে ছাত্ৰীগৰাকীৰ সৈতে অপহৰণকাৰী এটা সন্তানৰ পিতৃ মুস্তাফিজুৰ হককো খৈৰাবাৰী আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে অপহৰণকাৰী মুস্তাফিজুৰে নাবালিকাগৰাকীক নিশাৰ ভাগত এখন মটৰ বাইকত উঠাই গোপন স্থানলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। সেই সময়তে হাতীমাৰাত আৰক্ষীৰ জালত পৰে মুস্তাফিজুৰ। আজি খৈৰাবাৰী অঞ্চলৰ নাৰী সমাজ আৰু সচেতন লোক সকল ওলাই আহি নাবালিকা অপহৰণৰ দৰে গুৰুতৰ অপৰাধত লিপ্ত মুস্তাফিজুৰক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী কৰিছে। ইপিনে আজি দুয়োকে ওদালগুৰিলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে।
প্ৰেৰক ধীৰেন মহলীয়া