নিয়মীয়া বাৰ্তা, ২৫ জুলাই : গোৱালপাৰাৰ ধনুভাঙাত আজি হেক্টৰে হেক্টৰে কৰা কলৰ খেতি পৰিদৰ্শনৰ বাবে উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া৷ দুদিনীয়া ভ্ৰমণসূচীৰে গোৱালপাৰালৈ অহা ৰাজ্যপালগৰাকীয়ে আজি সপত্নীক উপস্থিত হয় ৰংজুলি কৃষি চক্ৰৰ অন্তৰ্গত ধনুভাঙাৰ মাদাং গাঁৱৰ আদৰ্শ যুৱ কৃষক দেৱব্ৰত ৰাভাৰ কলৰ বাগানত৷ ধনুভাঙাৰ ঐতিহাসিক স্থান “দেৱান কোঠ”ৰ বাকৰিত যুৱ কৃষকগৰাকীৰ নেতৃত্বত গঠিত নৱজাগৰণ আত্মসহায়ক গোটৰ কেইজনমান উদ্যোগী যুৱ কৃষকে কৰা কলৰ খেতি চাবলৈ পত্নীসহ উপস্থিত হৈ অভিভূত হৈ পৰে ৰাজ্যপালগৰাকী৷ ইপিনে ৰাজ্যপালগৰাকীয়ে কল বাগানত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে কৃষকসকল৷ ৰাজ্যপালগৰাকী উপস্থিত হৈ কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি কৃষি কৰ্মৰ জৰিয়তে সংস্থাপিত হবলৈ উৎসাহ জনায় ৷ কৃষক সকলক অধিকৰ পৰা অধিকতম উপাৰ্জনমুখী কেনেকৈ কৰিব পাৰি তাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাই থকা বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে৷ কৃষকসকলৰ অধিকতম উপাৰ্জনৰ দিশত মনযোগ দিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷ লগতে গোৱালপাৰাৰ প্ৰাকৃতিক পৰিবেশত মুগ্ধ হৈ পৰে ৰাজ্যপালগৰাকী ৷ কৃষকৰ কলৰ বাগানত উপস্থিত হোৱাৰ পূৰ্বে গোৱালপাৰা জিলাৰ দৰংগিৰিৰ এছিয়া সৰ্ববৃহৎ কলৰ বজাৰ পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে৷ এছিয়াৰ বিখ্যাত কলৰ বজাৰখনত উপস্থিত হৈ বজাৰ খনৰ আন্ত:গাঁথনি, বজাৰখনৰ পৰা কোন কোন স্থানলৈ কল ৰপ্তানি হয় সেই বিষয়ে বুজ লোৱাৰ উপৰি বিভিন্ন দিশৰ পৰ্যালোচনা কৰে ৷ কলৰ বজাৰখন পৰিচালনা কৰি অহা দৰংগিৰি উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে উষ্ম আদৰণি জনায় ৰাজ্যপালগৰাকীক ৷
প্ৰেৰক বেনজিন বড়ো