বিশেষ বাৰ্তা, ২৫ জুলাইঃ অশান্ত মণিপুৰত ৮৬ দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে৷ ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱাৰ নিষিদ্ধতা প্রত্যাহাৰ কৰি চর্ত সাপেক্ষ ইণ্টাৰনেট সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ ৩ মে’ৰ পৰা গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি কৰা হ’ব যদিও এই ইণ্টাৰনেট সেৱা কেৱল ব্রডবেণ্ডৰ বাবেহে মুকলি কৰা হৈছে৷ মোবাইলৰ ইণ্টাৰনেট সেৱা নিষিদ্ধ হৈয়ে থাকিব৷ ব্রডবেণ্ড ইণ্টাৰনেট সেৱাৰ ক্ষেত্রতো চৰকাৰে কেইবাটাও চর্ত সন্নিৱিষ্ট কৰি ৰাজ্যখনত আংশিকভাৱে এই সেৱা মুকলি কৰি দিছে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পর্যায়ক্রমে সকলো অঞ্চলতে এই ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হ’ব৷ চৰকাৰী প্রতিষ্ঠানৰ পৰা স্বাস্থ্যসেৱা, এলপিজি বুকিং, কৰ সম্পর্কীয় কার্যালয়, অধিবক্তা, চি এ ফার্ম আদিত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছে৷ কেইবাটাও চর্তৰ ভিতৰত কোনো ৱাইফাই/হটস্পট আনক দিব নোৱাৰিব৷ সংঘর্ষকাৰীয়ে যাতে এই ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্রতি গ্রাহকসকলক সজাহ হ’ব লাগিব৷ আনপিনে প্রতিদিনে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে লগইন আইডি আৰু পাছৱর্ড সলনি কৰি থাকিব লাগিব৷ ৰাজ্য চৰকাৰৰ চর্ত কোনো লোকে উলংঘন কৰিলে তেনে লোকক দোষী সাব্যস্ত কৰি আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি চৰকাৰে নির্দেশনাত স্পষ্ট কৰি দিছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে যাতে ভুল তথ্য সম্প্রসাৰিত হ’ব নোৱাৰে তাৰ বাবে চৰকাৰে ছ’চিয়েল মিডিয়া ৱেবছাইট, ভিপিএনছ আদি গ্রাহক পর্যায়তে নিষিদ্ধ হৈ থাকিব৷