নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্বলিল গোলাঘাটৰ ত্রিপল মার্ডাৰৰ ভুক্তভোগীৰ চিতা : তদন্ত আৰম্ভ চিআইডিৰ

বিশেষ বার্তা, ২৫ জুলাইঃ ৰাজ্য কঁপাই যোৱা গোলাঘাটত কালি সংঘটিত জঘন্যতম ত্রিপল মার্ডাৰ ঘটনাৰ প্রতিক্রিয়া আৰু উত্তেজনা আজিও অব্যাহত আছে৷ কালি গোলাঘাটৰ হিন্দী হাইসুক্ল পথৰ বাসিন্দা সঞ্জয় ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষক নিজ পৰিয়ালৰ জেজাৱাই নাজিবুৰ ৰহমানে দিন দুপৰতে চোকা অস্ত্রৰে ঘপিয়াই হত্যা কৰি নিজৰ আঠ মহীয়া সন্তানক লৈ উধাও হোৱাৰ পাছত গোলাঘাট আৰক্ষী থানাত সন্তানসহ আত্ম সপর্মণ কৰে৷ ইয়াৰ পিছতে গোলাঘাট আৰক্ষীয়ে সন্তানটিক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত গোলাঘাট শিশু কল্যাণ সমিতিক চমজাই দিয়ে৷ অন্যহাতে হত্যাকাৰী নাজিবুৰ ৰহমানক আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত মাজনিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাই পুনৰ গোলাঘাট সদৰ আৰক্ষী থানালৈ আনে৷ গোলাঘাট আৰক্ষীয়ে থানাত নাজিবুৰক জেৰা অব্যাহত ৰখাৰ মাজতে আজি গুৱাহাটীৰ পৰা আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াৰ নেতৃত্বত ফৰেণচিক বিশেষজ্ঞ সহ চিআইডিৰ এটা দল আৰু যোৰহাটৰ পৰা ডগ স্কোৱাদ গোলাঘাটত উপস্থিত হৈ চাঞ্চল্যকৰ ত্রিপল মার্ডাৰ গোচৰৰ তদন্তত নামি পৰিছে৷ চিআইডিৰ দলটোৱে হত্যাকাৰী নাজিবুৰক লগত লৈ হত্যাকাণ্ডৰ স্থানত উপস্থিত হৈ পুংখানুপুংখ পর্যবেক্ষন কৰে৷ হত্যাকাণ্ডস্থলীত তালাচী কালত নাজিবুৰে কালিৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন দা আলমাৰীৰ তলত লুকুৱাই থোৱা অৱস্থাত তদন্তকাৰী দলটোৱে উদ্ধাৰ কৰে৷ জানিবলৈ পোৱা মতে নাজিবুৰে প্রথম অৱস্থাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ জেৰাত অৱশেষত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে৷ অন্যহাতে আৰক্ষীয়ে আজি হত্যাকাণ্ডত অভিযুক্ত নাজিবুৰক গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি অধিক তদন্তৰ বাবে চৈধ্য দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে৷ আদালতে নাজিবুৰক দহ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ ইফালে কালি নিজ জেজাৱাই নাজিবুৰৰ হাতত নৃশংস হত্যাৰ বলি হোৱা শহুৰ সঞ্জয় ঘোষ, শাহু জুনু ঘোষ আৰু পত্নী সংঘমিত্রা ঘোষৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰে৷ বিশেষ কাৰণত আৰক্ষীয়ে মৃতদেহকেইটা নিজ গৃহলৈ নিয়াত অনুমতি প্রদান নকৰাত আজি গোলাঘাট মাৰোৱাৰী শ্মশানতে প্রাৰম্ভিক নীতি–নিয়ম সম্পন্ন কৰি মৃতদেহকেইটা সৎকাৰ কৰা হয়৷ শ্মশানত একেটা পৰিয়ালৰ একেলগে তিনিখনকৈ চিতা লি উঠাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ কালিৰ হত্যাকাণ্ডটোত দৈৱক্রমে ৰক্ষা পোৱা পৰিয়ালটোৰ একমাত্র সদস্য সংঘমিত্রাৰ ভনীয়েক অংকিতা ঘোষে কেউজনৰ মুখাগ্নি কৰে৷ আনহাতে কালি গোলাঘাটত সংঘটিত হোৱা নৃশংস ত্রিপল মার্ডাৰ ঘটনাত এটা পৰিয়ালৰ তিনিজনকৈ লোকে প্রাণ হেৰুওৱাৰ পিছত পৰিয়ালটোত বাচি থকা একমাত্র সদস্য, নাজিবুৰৰ পত্নী সংঘমিত্রাৰ ভগ্ণী অংকিতা ঘোষে হত্যাকাণ্ড সন্দর্ভত বিস্ফোৰক ভাষ্য দাঙি ধৰে৷ কাজিৰঙা ইউনিভাৰচিটিত অধ্যয়নৰত অংকিতাৰ ভাষ্য অনুসৰি ২০২০ চনত হত্যাকাৰী নাজিবুৰ ৰহমানে ৰিমন বৰা নামেৰে হিন্দু নাম লৈ সংঘমিত্রাক বোকাখাতত ফাইন আর্টচৰ পৰীক্ষা দিবলৈ যোৱাৰ সময়তে বলপূর্বকভাবে অপহৰণ কৰি নি ভয়–ভাবুকিৰে প্রথমে গুৱাহাটীত কর্টত আৰু পিছত কলকতাত কাজীৰ দ্বাৰা বিবাহ সম্পন্ন কৰাহছিল৷ ২০২১ চনত সংঘমিত্রাই বেকলগ্ পৰীক্ষা দিয়াৰ বাবে গোলাঘাটৰ হেমপ্রভা বৰবৰা ছোৱালী মহাবিদ্যালয়লৈ যোৱাৰ সময়ত গোপন ভিডিঅ ভাইৰেল কৰাৰ ভাবুকিৰে পুনৰ বাংগালোৰলৈ লৈ গৈছিল৷ বাংগালোৰৰ পৰা ঘূৰি অহাৰ পাছত পৰিয়ালৰ লোকে সংঘমিত্রাক ডিমাপুৰলৈও চিকিৎসাৰ বাবে লৈ গৈছিল৷ ইয়াৰ পাছতো নাজিবুৰে হত্যাৰ ভাবুকি প্রদান কৰি আহিছিল সংমিত্রাৰ লগতে পৰিয়ালৰ সদস্যসকলক৷ এই সন্দর্ভত সংঘমিত্রাৰ পৰিয়ালে গোলাঘাট আৰক্ষী থানাত কৰা গোচৰ মর্মে নাজিবুৰে জেলৰ ভাত খাবলগীয়া হৈছিল৷ অংকিতাই লগতে কয় যে নাজিবুৰ ৰহমান পূর্বৰ পৰা ড্রাগচ আসক্ত আছিল আৰু সংঘমিত্রাক পলুৱাই নি তেওঁকো বলপূর্বক শৰীৰত ড্রাগচৰ ইঞ্জেকচন দিছিল আৰু এই লৈ দুয়োৰে মাজত দুর্বাদল কাজিয়া হৈছিল৷ ইফালে একেলগে তিনিটাকৈ হত্যাকাণ্ড নৃশংসভাৱে সংঘটিত কৰি নাজিবুৰে লগত লৈ যোৱা তেওঁৰ আঠ মহীয়া সন্তানটিৰ ভৱিষ্যতক লৈ বিভিন্ন মহলৰ মাজত প্রশ্ন উত্থাপিত হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে শিশুটিক গোলাঘাটৰ শিশু কল্যাণ সমিতিৰ হাতত গতাই দিছে যদিও কিমান দিন শিশুটি এই অৱস্থাত ৰখাৰ ব্যৱস্থা হব অথবা পৰৱর্তী সময়ত কি হব সেই লৈও উৎকণ্ঠা বিৰাজ কৰিছে৷

You might also like