বিশেষ বার্তা, ২৬ জুলাইঃ মহানগৰীৰ ৰাজপথত কৰ ফাঁকিৰে চলিছে শ শ বাহন৷ পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ ছত্রছায়াত মহানগৰীৰ ৰাজপথত কৰ ফাঁকিৰে চলিছে টাটা মেজিক৷ পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীৰ সৈতে গোপন বুজাবুজি কৰি টাটা মেজিক মালিক সন্থাই ৰাজপথত নীতি–বহির্ভূতভাৱে মেজিক চলাই ৰাজপথত যানজঁটৰ সৃষ্টি কৰিছে৷ তদুপৰি ৰাজহ ফাঁকিৰে ৰাজপথত মেজিক চলাই শ্বেয়াৰ টেক্সি চালকসকলৰ জীৱিকালৈ ভাবুকি নমাই আনিছে৷ এই অভিযোগ পাথৰকোৱেৰী মেট্র’ শ্বেয়াৰ টেক্সি ড্রাইভাৰ এছ’চিয়েচনৰ৷ এখন সংবাদ মেলত এছ’চিয়েচনৰ মুখ্য মুখপাত্র প্রদীপ কলিতাই এই অভিযোগ উত্থাপন কৰি আৰু কয় যে বৃহত্তৰ গুৱাহাটীত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত শ্বেয়াৰ টেক্সিসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ বিশেষকৈ পাথৰকোৱেৰীৰ পৰা আদাবাৰী সংযোগী ৬নং পথত শ্বেয়াৰ টেক্সিসমূহে যাত্রীসকলক সুচল যাতায়াতৰ বাবে উদ্যোগ গ্রহণ কৰিছে৷ শেহতীয়াকৈ এই পথছোৱাত নীতি–বহির্ভূতভাৱে মেজিক মালিক সন্থাই একাংশ দুর্নীতিগ্রস্ত পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীৰ ছত্রছায়াত শ শ মেজিক চলোৱা পৰিলক্ষিত হৈছে৷ পৰিবহণ বিভাগৰ বৈধ পার্মিট নথকাৰ পাছতো এই পথছোৱাত প্রায় ৩০০খন টাটা মেজিক চলি আছে৷ পূর্বে ৰাজপথত চলাচল কৰা ট্রেকাৰৰ অবৈধ পার্মিট ব্যৱহাৰ কৰি ৰাজপথত মেজিক মালিক সন্থাই ৩০০ শতাধিক বাহন নমাই দিয়াত শ্বেয়াৰ টেক্সি চালকসকলৰ জীৱিকালৈ ভাবুকি কঢ়িয়াই আনিছে৷ জধেমধে বাহন ৰখাই যাত্রী উঠা–নমা কৰোৱাৰ লগতে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীৰ নীতি–নির্দেশনা উলংঘাৰে ৬নং পথত চলাচল কৰা এনে অবৈধ মেজিকৰ বিৰুদ্ধে চৰকাৰ–প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ পাথৰকোৱেৰী মেট্র’ শ্বেয়াৰ টেক্সি ড্রাইভাৰ এছ’চিয়েচনে আহ্বান জনাইছে৷ বিশেষকৈ ট্রেকাৰৰ অনুজ্ঞাপত্র ব্যৱহাৰ কৰি চৰকাৰক কৰ নিদিয়াকৈ ৰাজপথত চলাচল কৰা মেজিকৰ গৰাকীয়ে হাজাৰ হাজাৰ টকাৰ ৰাজহ ফাঁকিৰে ব্যৱসায় চলোৱা বুলি অভিযোগ কৰি এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ এছ’চিয়েচনৰ বিষয়ববীয়াসকলে দাবী জনায়৷ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াক মেনেজ কৰি ৰাজপথত মেজিক চলোৱাই নহয় মেজিকৰ মালিকসকলে আনকি শ্বেয়াৰ টেক্সি চালকসকলক বিভিন্ন প্রকাৰে শোষণ কৰাৰ অভিযোগ কৰে৷ শ্বেয়াৰ টেক্সি চালকসকলৰ পৰা দৈনিক প্রতিখন বাহনৰ বাবদ মেজিক মালিক সন্থাই ২০ টকাকৈ সংগ্রহ কৰাৰ লগতে শ্বেয়াৰ টেক্সি চালকক দুর্ব্যৱহাৰ কৰা বুলি এছ’চিয়েচনৰ বিষয়ববীয়াসকলে সদৰী কৰে৷