নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত NEET উত্তীৰ্ণক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাই : বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ (ষ্টাৰ আৰু ডিষ্টিংচন)ৰ লগতে ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা (NEET) ২০২৩ বৰ্ষৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিজনী মহাবিদ্যালয়ৰ বিৰেন্দ্ৰগীৰী প্ৰেক্ষাগৃহত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুঠ ২৫২জন‌ ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ ,লগতে এদাল কৈ গছৰ পুলি দিয়ে সম্বৰ্ধনা দিয়ে। লগতে NEET পৰীক্ষাত উত্তীৰ্ণ ৫জনকৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা। উক্ত অনুষ্ঠানত শৰ্মাই শিক্ষাৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ বিষয়ে বিস্তৃতভাৱে এক গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। লগতে উপস্থিত থাকে বিটিআৰ পাৰিষদ সমষ্টিৰ সদস্য প্ৰদীপ কুমাৰ বায়ন, বিটিআৰ পাৰিষদ সমষ্টিৰ সদস্য প্ৰভাত বসুমতাৰী, বিজনীৰ মহকুমাধিপতি অভিষেক জৈন, নিৰ্বাচনী বিষয়া মৌচম প্ৰতিম নাথ, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰাজ গিৰী বসুমতাৰী লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like