নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিনিধি দল এটাই সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বত নতুন দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী কাৰ্যালয়ত সাক্ষাৎ কৰে। কোচৰাজবংশী সাহিত্য সভাই প্ৰতিনিধি দলটোৱে পাঁচ দফিয়া দাবী সম্বলিত এখন স্মাৰাক পত্ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পন কৰে। এই সমগ্ৰ কাৰ্যসূচীত সজাতি দলটোক কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই সহযোগ কৰে। উক্ত প্ৰতিনিধি দলটোত কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনৰ লগতে উপস্থিত থাকে প্ৰমেশ কান্তি ৰায়, মনিন্দ্ৰ চন্দ্ৰ দাস আৰু অলকেশ চন্দ্ৰ ৰায় আদিয়ে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰদান কৰা স্মাৰক পত্ৰ খনৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আধাৰত ৰাজবংশী ভাষাক অসমৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয় পৰ্যায়ত মাধ্যম হিচাপে প্ৰযোজ্য কৰাৰ ললগতে ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভু্তকৰণৰ দাবী জনোৱাৰ লগতে কামতাপুৰ লিভাৰাচন অৰ্গনিছেচন (কে এল অ) মুখ্য সেনাধ্যক্ষ জীৱন সিংহ আৰু কোচ ৰাজবংশী জাতীয় সংগঠনৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ লগত অতি শীঘ্ৰে শান্তি আলোচনা অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও অসমৰ কোচ ৰাজবংশী সকলক পুনৰ জনজাতি মৰ্যদা অতি সোনকালে প্ৰদান কৰিব লাগে। আৰু কামতাপুৰ ৰাজ্য পুনৰ গঠন কৰিব লাগে বুলি উক্ত স্মাৰক পত্ৰৰ জৰিয়তে ভাৰত চৰকাৰলৈ দাবী জনায় ।কোচৰাজবংশী সাহিত্য সভাৰ সজাতি দলটোৱে পৃথকে পৃথকে সাংসদ নৱ কুমাৰ শৰণীয়া আৰু জলপাইগুৰি লোকসভা সাংসদ ড’ জয়ন্ত ৰায় ক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ দাবী বিলাক আলোচনা কৰি চলিত সংসদ অধিৱেশনত উত্থাপন কৰাৰ কাৰণে অনুৰোধ জনায়। সাংসদ দুজনেও অহা সংসদত বিষয়বিলাক উত্থাপন কৰিব বুলি আশ্বাস আশ্বাস প্ৰদান কৰে। ইপিনে সন্ধিয়া ভাগত এই কোচৰাজবংশী সাহিত্য সভাৰ সজাতি দলটোৱে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশিত প্ৰামাণিক ক তেওঁৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰে আৰু আধাঘণ্টা জোৰা বৈঠকত মিলিত হয়। উক্ত বৈঠকতে কোচৰাজবংশী সাহিত্য সভাৰ সজাতি দলটোৱে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিত প্ৰামানিকৰ জৰিয়তে এখন স্মাৰাকপত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰাৰ উপৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো স্মাৰকপত্ৰ প্ৰদান কৰে বুলি কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনে জানিবলৈ দিয়ে ।
প্ৰেৰক কৃষ্ণ বৰ্মন