নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ সুন্দৰ স্বাস্থ্য আৰু নিৰোগী হৈ সুস্থ শৰীৰৰ গৰাকী হ’বলৈ শৰীৰ চৰ্চাৰ অতি আৱশ্যক। এই উপলক্ষে কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছিল স্বাস্থ্য সজাগতাৰ ওপৰত দহ দিনীয়া সজাগতাৰ কৰ্মশালা। বিশিষ্ট শৰীৰ চৰ্চাবিদ ত্ৰিবেণী ওজাৰ তত্বাৱধানত আয়োজন কৰা হৈছিল স্বাস্থ্য সজাগতাৰ কৰ্মশালাখন। আজি স্বাস্থ্য সজাগতাৰ কৰ্মশালাখনৰ সামৰণি পৰে। বকোৰ বি এড কলেজৰ প্ৰধান সচিব ড০ গণেশ্বৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সামৰণী অনুষ্ঠানত আয়োজন কৰে অন্তৰঙ্গ আলাপৰ কাৰ্য্যসূচী। সামৰণী অনুষ্ঠানৰ অতিথি হিচাপে অংশগ্ৰহণ কৰে অভিনেতা যতীন বৰা, অভিনেত্ৰী শিল্পী নৱনীতা শৰ্মা বৰা, প্ৰশিক্ষক ত্ৰিবেণী ওজা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিভূতি ভূষণ পাণ্ডা, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লোক শিল্পৰ গবেষক লক্ষ্যধৰ শৰ্মা, সুৰেণ চন্দ্ৰ কলিতা, নৃপেন ভাগৱতী আৰু হেমচৰণ কলিতা, দিলীপ ৰাভাৰ উপৰি ত্ৰিবেণীৰ স্বাস্থ্য সজাগতা কৰ্মশালাত অংশগ্ৰহণ কৰা স্বাস্থ্য সচেতন লোকসকল। ইফালে দক্ষিণ কামৰূপৰ সাংস্কৃতিক মঞ্চ জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ অধ্যক্ষ তথা বকোৰ প্ৰতিভা সম্পন্ন শিল্পী মনোজ (মন) দাসৰ তত্বাবধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণী অনুষ্ঠানটো বি এড কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰে এক মনোজ্ঞ পৰিবেশত।
প্ৰেৰক বিষ্ণু ৰাম দাস