নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাৰ বাসুদেৱ আশ্ৰমত খোলবাদ্যৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ পশ্চিমীয়া সংস্কৃতিৰ পৰিৱৰ্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ কলা সংস্কৃতিৰ চৰ্চাত ব্যস্ত হৈ পৰিছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ একাংশ শিশু-কিশোৰ। চুৰিয়া গামোচা পিন্ধি ঘিলামৰাৰ শিশু-কিশোৰ গৈছে নামঘৰলৈ। প্ৰতিদিনে আবেলি কান্ধত খোলটো লৈ ওলাই আহে এই সকল শিশু-কিশোৰ। গ্ৰীষ্ম বন্ধত একাংশ ছাত্ৰ-ছাত্ৰীয়ে অবাবত সময় নষ্ট কৰাৰ বিপৰীতে ঘিলামৰাৰ একুৰিৰো অধিক শিশু-কিশোৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি গুৰুবাদ্য খোল বাদন প্ৰশিক্ষণত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে।ঘিলামৰাৰ বাসুদেৱ আশ্ৰমত প্ৰশিক্ষণৰত ২৫গৰাকীকৈ ন-শিকাৰু কণ কণ শিশু-কিশোৰসকলৰ হাতৰ পৰশত বাজি উঠা খোল-তালৰ শব্দই মুখৰ কৰি তুলিছে সমগ্ৰ ঘিলামৰাৰ পৰিৱেশ ৷ উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম সৃষ্টিৰাজিক নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে ঘিলামৰাৰ বাসুদেৱ আশ্ৰম সমিতিয়ে শিশু তথা কিশোৰ সকলৰ বাবে গ্ৰীষ্মকালীন খোলবাদ্য প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে। ৯ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই খোলবাদ্য প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ একনিষ্ঠ সেৱক তথা খোল বাদ্যৰ মুখ্য প্ৰশিক্ষক লাচিত খনিকৰে। প্ৰতিদিনে আবেলি কান্ধত খোলটো লৈ ওলাই আহে এই সকল শিশু-কিশোৰ।কান্ধত খোল লৈ ভকতীয়া সাজত গুৰুজনাই অসমীয়াক দি যোৱা গায়ন বায়ন পৰিৱেশনৰ দৃষ্টিনন্দন পৰিৱেশে মন মোহিছে বহুতৰে।গায়ন-বায়নৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ লগতে স্বৰলিপিৰ শিকন প্ৰদান কৰি আধ্যাত্মিকতাৰ মাৰ্গ দৰ্শনেৰে গুৰুজনাৰ সৃষ্টিৰাজিক নৱ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ ঘিলামৰাবাসীৰ এই প্ৰয়াস বাস্তৱিকতে শলাগনীয় আৰু প্ৰশংসনীয়।সকলোৰে আশা গ্ৰীষ্মবন্ধৰ সময়ছোৱাত কলা-সংস্কৃতিৰ চৰ্চাই শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like