লখিমপুৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু
বিশেষ বাৰ্তা, ২৬ জুলাইঃ লখিমপুৰৰ বাইপাছত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ টিৰাপৰ এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হয়৷ লখিমপুৰ বাইপাচৰ কাষত নিৰ্মীয়মান আন্তঃৰাজ্যিক বাছ আস্হানৰ নিচেই কাষতে ৰেলৱে অভাৰবীজৰ কাষত এই দুৰ্ঘটনাটো সংঘটিত হয়। এখন আৰ্টিগা আৰু এখন ইন’ভাৰ মুখামুখি খুন্দা লগাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি চৰাইমীয়া দিশৰ পৰা আহি থকা তীব্ৰ বেগী আৰ্টিগা এ এছ ২৩ এ বি ৩৭০৮ নম্বৰৰ গাড়ী খনৰ লগত লখিমপুৰৰ গনেশ মন্দিৰ দিশৰ পৰা গৈ থকা ইন’ভা এন এল ০১ পি ৮২৮৪ নম্বৰৰ গাড়ীখনৰ মাজত প্ৰচণ্ড জোৰত খুন্দা লাগে। দুয়োখন গাড়ীৰ মূখামূখি সংঘৰ্ষৰ ফলত ইনভাখন পথৰ ওপৰতে লুটি খাই পৰে আৰু আৰ্টিগাখনে কাষতে থকা অভাৰব্ৰিজৰ দেৱালত খুন্দিয়াই চূৰমাৰ হয়। ফলত ঘটনাস্থলীতে আৰ্টিগা বাহনখনত অহা অৰুণাচল প্ৰদেশৰ টিৰাপ দেওমালিৰ ৱাজাটুন গাঁৱৰ জাৰেম আৰং (১৮) নামৰ যুৱতীগৰাকীৰ থিতাতে মৃত্যু হয়৷ এই ঘটনাত নাগালেণ্ডত পঞ্জীয়নভুক্ত গাড়ীখনৰ একমাত্ৰ চালকজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে আৰ্টিগা গাড়ীখনত অহা টিৰাপ দেওমালিৰ নামচাঙৰ অমৰ চেত্ৰী (৩০), টিৰাপ দেওমালিৰ ৱাজেটুন গাঁৱৰ ৰামকা আৰেং [৪৪ বছৰ] গুৰুতৰভাৱে আহত হয়৷ আহত আটাইকেইজনকে প্ৰথমে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাত আটাইকে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়৷