নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছআইৰ নতুন টার্গেট ভাৰতৰ আৰ্মী পাব্লিক স্কুল

বিশেষ বাৰ্তা, ২৬ জুলাইঃ পাকিস্তানী চোৰাংচোৱা আইএছআইৰ নতুন টার্গেট দেশৰ আর্মী পাব্লিক স্কুল৷ সীমান্তৰ সিপাৰৰ পৰা ভাৰত বিৰোধী ব্লু–প্রিণ্ট ৰচি থকা আইএছআইৰ নতুন টাৰ্গেট আৰ্মী পাব্লিক স্কুল। সন্ত্রাসবাদীক ভাৰতীয় ভূমিলৈ প্রেৰণ কৰি জম্মু–কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্রান্তত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ সমান্তৰালকৈ দেশৰ প্রতিৰক্ষা বিভাগৰ গোপনীয় তথ্য ভাৰতীয় লোকক প্রলোভনেৰে সংগ্রহ কৰি থকা পাকিস্তানৰ আইএছআয়ে এইবাৰ আর্মী পাব্লিক স্কুলৰ শিক্ষার্থীক লক্ষ্য হিচাপে লৈছে৷ আর্মি পাব্লিক স্কুলৰ শিক্ষার্থীক আইএছআইৰ এজেণ্ট হিচাপে নিযুক্ত কৰাৰ ব্লুপ্রিণ্ট ৰচিছে পাকিস্তানী চোৰাংচোৱা সংস্থাটোৱে৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাই ইতিমধ্যে আইএছআইৰ এই নতুন টার্গেট সন্দর্ভত তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ পাকিস্তানৰ পৰা আইএছআইৰ এজেণ্টে ভাৰতৰ আর্মি পাব্লিক স্কুলৰ শিক্ষার্থীলৈ হোৱাটছএপ মেচেছ আৰু কলেৰে বিভিন্ন প্রলোভন দি আইএছআইৰ হৈ কাম কৰাৰ বাবে উচটাই আহিছে৷ ভাৰত বিৰোধী কার্যকলাপত জড়িত কৰাৰ বাবে আর্মি পাব্লিক স্কুলৰ বিদ্যার্থীক ধর্মীয় ধাৰণাৰে বিপথে পৰিচালিত কৰাৰ পৰিকল্পনাও চলাই আছে৷ ইতিমধ্যে জম্মু–কাশ্মীৰ, দিল্লী আৰু উত্তৰ প্রদেশৰ আর্মি স্কুলৰ শিক্ষার্থীয়ে পাকিস্তানৰ পৰা আইএছআইৰ ফোন লাভ কৰিছে৷ এই শিক্ষার্থীসকলক ফোনযোগে বিভিন্ন প্রলোভন দি আইএছআইত ভর্তি হ’বলৈ উদগনি দি আছে৷ জম্মু–কাশ্মীৰৰ আর্মী পাব্লিক স্কুল আৰু নয়ডাৰো এখন এনে স্কুলৰ শিক্ষার্থীক হোৱাটছএপ বার্তাযোগে যোগাযোগ কৰিছে পাকিস্তানী এজেণ্টে৷ আর্মি স্কুলৰ শিক্ষার্থীক পাকিস্তানী এজেণ্টে হোৱাটছএপযোগে সংযুক্ত হৈ ছ’চিয়েল মিডিয়াযোগে সংবেদনশীল তথ্য প্রচাৰ কৰাৰ বাবে উৎসাহিত কৰি আহিছে৷ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰি থকা দুটা ম’বাইল নম্বৰৰ পৰা হোৱাটছএপযোগে মেচেছ আৰু কল লাভ কৰিছে শিক্ষার্থীয়ে৷ তথ্য মতে পাকিস্তানী এজেণ্টে স্কুল শিক্ষকৰ জৰিয়তে শিক্ষার্থীক ‘নিউ ক্লাছ গ্রুপ’ত অংশগ্রহণ কৰাৰ বাবে উদগনি দি আছে৷ ইয়াৰ বাবে পাকিস্তানী এজেণ্টে এটা অ’টিপি (ৱান টাইম পাছৱর্ড)ও প্রেৰণ কৰে৷ দেশৰ চোৰাংচোৱা সংস্থাই এই ভয়াৱহ পৰিকল্পনা সন্দর্ভত অৱগত হোৱাৰ পিছতেই আর্মি পাব্লিক স্কুলৰ কর্তৃপক্ষক এলার্ট কৰি দিছে৷ প্রতিখন আর্মি স্কুলৰ কর্তৃপক্ষই শিক্ষার্থীৰ অভিভাৱকসকলক এই সন্দর্ভত সজাগ হ’বলৈ আহ্বান জনাইছে৷

You might also like