নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ কংগ্ৰেছৰ

বিশেষ বাৰ্তা, ২৬ জুলাইঃ মণিপুৰ সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ দাবীত আজিও সংসদৰ বর্ষাকালীন অধিৱেশনৰ দুয়ো সদন অচল হৈ পৰে৷ সংসদৰ বর্ষাকালীন অধিৱেশনত মণিপুৰৰ হিংসাক লৈ প্রধানমন্ত্রীৰ বিবৃতিৰ দাবীত আঁকোৰগোজ বিৰোধীৰ প্রতিবাদত পঞ্চম দিনাও দুয়ো সদন উত্তাল হৈ পৰাই নহয়, অচল হৈ পৰে৷ ইপিনে প্রধানমন্ত্রী মোদীৰ মণিপুৰৰ স্থিতিক লৈ লোৱা পদক্ষেপক গৰিহণা জনাই মণিপুৰ বিষয়ক লৈয়ে কংগ্রেছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ জাননী দাখিল কৰে৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কংগ্রেছৰ এই অনাস্থা প্রস্তাৱৰ জাননী মানি লৈ অনাস্থা প্রস্তাৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰে৷ অৱশ্যে এই অনাস্থা প্রস্তাৱ কেতিয়া হ’ব সেই সন্দর্ভত আনুষ্ঠানিকভাৱে তাৰিখ ঘোষণা কৰা নাই৷ লোকসভাৰ অধ্যক্ষ বিৰলাই এই তাৰিখ নির্ধাৰণ কৰিব৷ কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে অনাস্থা প্রস্তাৱৰ জাননী লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ হাতত দাখিল কৰাৰ পাছতেই সদনত অধ্যক্ষগৰাকীয়ে এই প্রস্তাৱত কিমানগৰাকী সাংসদৰ সমর্থন আছে তাৰ প্রমাণ লয়৷ অনাস্থা প্রস্তাৱ আনিবলৈ হ’লে সদনত ৫০ সদস্যৰ আৱশ্যক৷ এনে নিয়মানুযায়ীয়ে লোকসভাৰ অধ্যক্ষগৰাকীয়ে সদনত অনাস্থা প্রস্তাৱত কোন কোন সাংসদৰ সমর্থন আছে তাৰ প্রমাণ লয়৷ অধ্যক্ষ বিৰলাই এই সন্দর্ভত সদনত ঘোষণা কৰাৰ পাছত কংগ্রেছৰ সংসদীয় সমিতিৰ মুৰব্বী ছোনিয়া গান্ধী নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, ডিএমকেৰ টি আৰ বালু আৰু এনচিপিৰ নেত্রী সুপ্রিয়া ছুলে থিয় হৈ সমর্থন আগবঢ়ায়৷ লগে লগে লোকসভাৰ অধ্যক্ষই কংগ্রেছে অনা অনাস্থা প্রস্তাৱত সন্মতি দিয়ে৷ উল্লেখ্য যে কংগ্রেছৰ এই অনাস্থা প্রস্তাৱৰ বিজেপি বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াৰ আটাইকেইটা দলে সমর্থন আগবঢ়াইছে৷

You might also like