বাৰ্তা বুৰো, ২৭ জুলাইঃ ৰাজ্যত কালিৰ দিনটোত সংঘটিত কেইবাটাও গণপ্ৰহাৰৰ ঘটনাৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কঠোৰ স্থিতি গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰাৰ পিছতে কালি মৰিগাঁও জিলাৰ আঁহতগুৰিত সংঘটিত গণপ্ৰহাৰ আৰু আৰক্ষী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে ওৰে নিশা চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ৫জন ব্যক্তি। আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে নিজে তদাৰক কৰা অভিযানত গ্ৰেপ্তাৰ হৈ অজিত দাস, যোগেশ্বৰ দাস, বাবুলি দাস, কমলেশ্বৰ দাস, ছত্র সিং দাস। উল্লেখ্য কালি পুৱতিনিশা গৰু চোৰৰ সন্দেহত বৰআঁহতগুৰি অঞ্চলত স্থানীয় একাংশ ৰাইজে কৰায়ত্ত কৰিছিল ৩জন যুৱকক। এই যুৱককেইজনক উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ এক বৃহৎ দলে চেষ্টা চলাইছিল সেই সময়তে উন্মত জনতাই আৰক্ষীক আক্ৰমণ কৰিছিল আনকি আৰক্ষীৰ বাহন ভাঙি পেলাইছিল।
প্ৰেৰক প্ৰাঞ্জল দাস