বিশেষ বাৰ্তা, ২৬ জুলাইঃ চিকিৎসক দম্পতী সংগীতা ৱালিউলৰ আন এক ভয়ংকৰ কাণ্ড উন্মোচিত হৈছে। তেওঁলোকৰ বিৰুদ্ধে দাখিল হোৱা দ্বিতীয় অভিযোগনামাত ফাদিল হৈছে চাঞ্চল্যকৰ তথ্য। পল্টনবজাৰ থানাৰ ২০১/২৩ নম্বৰ গোচৰটোৰ সন্দৰ্ভত এই অভিযোগনামা দাখিল কৰা হৈছে। সংগীতা দত্তৰ স্বামী ৱালিউলৰ বিৰুদ্ধে ৰুজু হৈছিল দ্বিতীয়টো গোচৰ। ল’ৰা শিশু সন্তানটিৰ ওপৰত চলোৱা অত্যাচাৰৰ বৰ্ণনাৰ উল্লেখ অভিযোগনামাত। ৱালিউল ইছলামে যৌন নিৰ্যাতন চলাইছিল ল’ৰা শিশু সন্তানটিক। যৌন নির্যাতন চলোৱাৰ স্পষ্ট তথ্য উল্লেখ আছে অভিযোগনামাত। গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকৰ দলে নিশ্চিত কৰিছে এই তথ্য।তিনিজনীয়া চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰিছিল শিশুটিৰ। ডাঃ ৱালিউল ইছলামে বীভৎস যৌন নির্যাতন চলাইছিল শিশুটিৰ ওপৰত। চিকিৎসাৰ সময়ত এই তথ্য লাভ কৰিছিল চিকিৎসকৰ দলে। শিশুটিৰ গুহ্যদ্বাৰত স্পষ্ট হৈ আছিল আঘাতৰ চিহ্ন। এই গোচৰটোতো লক্ষী ৰয়, কাব্য কামেলাং আৰু উৎপলা বসুক অভিযুক্ত কৰা হৈছে। ৱালিউল ইছলামৰ বিৰুদ্ধে আন আন ধাৰাৰ লগতে POCSO আইনত ৬নং ধাৰা আৰোপ কৰা হৈছে।