টি-২০ত ৭টা উইকেট : ইতিহাস মালয়েছিয়াৰ ইদ্রুছৰ
বিশেষ বাৰ্তা, ২৭ জুলাইঃ টি-২০ ক্রিকেটত এক নতুন বিশ্ব অভিলেখ স্থাপন কৰিলে মালয়েছিয়াৰ পেচবলাৰ ছিয়াজৰুল ইদ্রুছে৷ ক্রিকেটৰ হ্রস্ব সংস্কৰণত ৭টাকৈ উইকেট দখল কৰি বিশ্বৰ প্রথমগৰাকী বলাৰ হিচাপে ইতিহাস ৰচিলে ইদ্রুছে৷ কুৱালালামপুৰত চলি থকা টি-২০ বিশ্বকাপৰ এছিয়া বি কোৱালিফায়াৰৰ মঙলবাৰে হৈ যোৱা মেচখনত প্রতিপক্ষা চীন দলটোৰ সাতজন বেটাৰক পেভিলিয়নৰ পথ দেখুৱায় মালয়েছিয়াৰ বলাৰগৰাকীয়ে৷ ইদ্রুছে চাৰি অ’ভাৰ বলিং কৰি এক অ’ভাৰ মেইডেনসহ ৮ ৰান খৰচ কৰি ৭টা উইকেট দখল কৰে৷ উল্লেখ্য যে টি-২০ ক্রিকেটত এইটোৱে হৈছে শ্রেষ্ঠ বলিং প্রদর্শন৷ ইদ্রুছে চীনৰ সাতোগৰাকী বেটাৰক ব’ল্ড আউট কৰিছিল৷ ইপিনে টি-২০ আন্তর্জাতিকত ইদ্রুছে নাইজেৰিয়াৰ পিটাৰ আহোৰ অভিলেখটো ভংগ কৰে৷ ২০২১ চনত চিয়েৰা লি’নৰ বিপক্ষে খেলা মেচখনত পিটাৰ আহোৱে ৫ৰান দি ৬টা উইকেট দখল কৰিছিল৷ ইফালে, ভাৰতৰ দীপক চহৰে ২০১৯ চনত বাংলাদেশৰ বিপক্ষে ৭ ৰান খৰচ কৰি ৬টা উইকেট লাভ কৰিছিল৷ দীপক চহৰে উগাণ্ডাৰ দীনেশ নাকৰানীৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থান অধিকাৰ কৰি আছে৷