নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ মাজমজিয়াত জুপুৰিত দৰিদ্ৰ পৰিয়ালৰ কৰুণগাথা

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ এক বিংশ শতিকাৰ দুটা দশক পাৰ হৈ যোৱাৰ সময়তেই ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰৰ মাজমজিয়াত অন্ন বস্ত্ৰ খাদ্যৰ অভাৱত তিল তিলকৈ কৰুণ মৃত্যুৰ দিশে এটা পৰিয়াল আগুৱাই যোৱাৰ ঘটনাই হতচকিত কৰি তুলিছে প্ৰতিজন বিবেকবান মানুহকেই ৷যি সময়ত বিশ্ব পৰ্য্যটকৰ মান চিত্ৰত শিৱসাগৰে এক নতুন ৰূপত নিজক প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে সেই সময়ত আধূনিক শিৱসাগৰৰ আভিজ্যতৰ মাজত নিজৰ চৰম দুৰ্দশাৰ ছবিখন প্ৰকট হৈছে চহৰৰ মাজমজিয়াৰ পৌৰ সভাৰ অন্তৰ্গত দহ নম্বৰ ৱাৰ্ডত ৷ৰাজ্য চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে ৰূপায়ন কৰা কোনো এখন চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা শিৱসাগৰৰ এই দৰিদ্ৰ পৰিয়ালৰ কৰুণ ছবিয়ে প্ৰতিজন সাধাৰণ নাগৰিকৰে বুকু কঁপাই তুলাৰ লগতে উদঙাই দিছে পৌৰসভা-উপায়ুক্ত কাৰ্য্যালয়ৰ ফোঁপোলা স্বৰূপ ৷কেন্দ্ৰীয় চৰকাৰে এটা দশকৰ পুৰ্বেই ৰূপায়ন কৰা খাদ্য সুৰক্ষা আইনেও আজি পৰ্য্যন্ত স্পৰ্শ কৰিব নোৱাৰা পৰিয়ালটো হৈছে গণকপট্টীৰ নিবাসী শৰ্মা পৰিয়াল৷ তিনিজনীয়া পৰিয়ালটোত বাস কৰে এগৰাকী সত্তৰ বছৰীয়া অসুস্থ বৃদ্ধা সহ দুই সন্তান ৷ বৃদ্ধা গৰাকীৰ বয়স প্ৰায় পয়সত্তৰ বছৰ ৷পুত্ৰৰ বয়স প্ৰায় পচপন্ন বছৰ ৷একমাত্ৰ অবিবাসিত কন্যা গৰাকীৰ বয়স আঠাৱন্ন বছৰ ৷নাম পুৰ্ণিমা শৰ্মা ৷ গণকপট্টীৰ ১০ নম্বৰ ৱাৰ্ডৰ এই খিলঞ্জীয়া পৰিয়ালটোৱে বাস কৰা বাসগৃহটোৰ দৃশ্য দেখিলে যি কোনো এজন সাধাৰণ মানুহেই শিহৰিত হৈ পৰিব ৷গৰু- ছাগলীয়েও বাস নকৰা ছাৰিওফালে হাবিয়ে আগুৰি ধৰা এটা জুপুৰী ৷বহু বছৰৰ পুৰ্বে কোনো সদাশয় ব্যক্তিৰ বদান্যতাত তৰি লোৱা কেইচটামান টিঙৰ এখন চালি ৷গৃহটোলৈ যোৱাৰ কোনো পথ নাই৷ এজোপা হাউলী পৰা গছৰ গুৰি অংশৰ সৰু ফাকঁটোৱেদি জন্তুৰ দৰে বগুৱা বাই যাব লাগে ৷বেৰৰ নামত কেইডালমান উৱলি যোৱা বাঁহৰ কামি আৰু পুৰণি টিৰ্পাল ৷বিছনা হিচাবে জাপি লোৱা কিছুমান পুৰণি কাৰ্টুন ৷বতাহত কাহানিবাই উৰি গল টিন পাট ৷বৰষুণ আহিলেই কাৰ্টুন জাপি লোৱা অংশটোৰ ওপৰত টিৰ্পাল মেলি তিনিও সদস্যই পাৰ কৰে বিনিদ্ৰ ৰজনী ৷সুষম আহাৰৰ অভাৱত কাহানিবাই শৰীৰ ৰূগ্ন হৈ পৰিছে ৷তথাপিও জীয়াই থকাৰ যুঁজত নমা পৰিয়ালটোৱে ইঘৰ-সিঘৰৰ পৰা খুজি মাগি দুবেলা- দুমুঠি আহাৰৰ যোগাৰ কৰে ৷অৱশ্যে শাৰিৰীক অসুস্থতাৰ বাবে সদায়েই ভগ্ন পঁজাটোৰ পৰা ওলাই যাব নোৱাৰিলেই আখলত নজ্বলে জুই ৷প্ৰায়েই খালি পেটেৰেই কেৱল পানী খাই জীয়াই থকা পৰিয়ালটোৱে চাৰি পাঁচ দিনৰ মুৰতহে এসাজ খাবলৈ পাই ৷ যাৰ বাবে সপ্তাহটোৰ মূৰতহে শোচ কৰিব লগা কৰুণ দুৰ্দশাৰ কথা অকপটে স্বীকাৰ কৰে পুৰ্ণিমা শৰ্মাই ৷ আজি পৰ্য্যন্ত বিনামূলীয়া শৌচাগাৰও লাভ নকৰা গণকপট্টী অঞ্চলৰ অন্যতম পুৰণি পৰিয়ালটোৱে নিয়মিত লোকসভা-বিধানসভা-পৌৰ সভাৰ নিৰ্বাচনত ভোট দান কৰি আহিছে ৷ বিগত লক ডাউনৰ সময়ত চৰকাৰে প্ৰদাণ কৰা বিনামূলীয়া চাউল, স্থানীয় দুই এক ব্যক্তি আৰু জয়সাগৰ ছাৰিআলিৰ নিবাসী এগৰাকী বিশিষ্ট শিক্ষাবিদৰ পৰিয়ালে আগবঢ়োৱা সহায়ৰ কথা জানিব পৰা গৈছে ৷উল্লেখ্য যে, চহৰ খনৰ একাধিক পথ নিৰ্মাণৰ ঠিকা আৱন্টন,যান- বাহনৰ পাৰ্কিং আৱন্টন,নিবনুৱাৰ মূৰত মাৰি স্বয়ম্ভূ বিজেপি নেত্ৰীৰ নামত বজাৰ আৱন্টনৰ নামত ৰমৰমীয়া কমিচনৰ বজাৰ চলাই অহা একাংশ ৱাৰ্ড কমিচনাৰ আৰু স্বয়ম্ভু ফেচ বুক এডভাইচাৰৰ ফোঁপোলা স্বৰূপ দুৰ্ভগীয়া পুৰ্ণিমা শৰ্মাৰ পৰিয়ালে উদঙাই দিয়াৰ ঘটনাই আচৰিত কৰি তুলিছে সকলোকে ৷পৌৰ সভাক খিৰতী গাইৰ দৰে ব্যৱহাৰ কৰি আত্মীয়, পুত্ৰ, স্বামী সকলোকে লুন্ঠনত নমাই ফেচবুক এডভাইচাৰ কথাত উঠা- বহা কৰা একাংশ ৱাৰ্ড মেম্বাৰৰ চুড়ান্ত মইমতালীৰ স্বৰূপটো কাৰ্য্যত পোহৰলৈ অহাৰ পিছতেই অনাস্থা অভিযানত নমা চক্ৰটোৰ অৱস্থা ফাঁট মেলা বসুমতি পাতালে লুকাও অৱস্থাৰ সৃষ্টি হৈছে ৷ইতিমধ্যে লোক সভা নিৰ্বাচনৰ প্ৰাকমুহূত্বত ক্ষমতা কেন্দ্ৰীক দলীয় অন্তঃকলহত লিপ্ত হৈ থকা শিৱসাগৰ পোৰ সভাৰ অন্তৰ্গত এটা পৰিয়ালক এই কৰুণ-বীভৎস অৱস্থাৰ পৰা সকাহ দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ কামনা কৰিছে সৰ্বসাধাৰণ ৰাইজে ৷পাৰিবনে মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্ন-বস্ত্ৰ-বাসস্থানৰ লগতে অকমাণ বিশুদ্ধ পানীৰ অভাৱত তিল তিল মৃত্যুমুখলৈ আগবঢ়া দুৰ্ভগীয়া পৰিয়ালটোৰ চকু পানী মচিবলৈ৷ স্মৰ্তব্য যে জিলা প্ৰশাসনৰ মূখ্য কাৰ্য্যালয়ৰ দুই কিলোমিটাৰ নিলগত অৱস্থিত পুৰ্ণিমা শৰ্মাৰ এই দুৰ্দশাৰ ছবি খনে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱৰো প্ৰশাসনিক দক্ষতাৰ প্ৰতি এক ডাঙৰ প্ৰশ্ন বোধক চিন্হৰ সৃষ্টি কৰিলে৷ তেনেস্থলত পৌৰসভা-জিলা প্ৰশাসনৰ সু-শাসনৰ স্বৰূপ উদঙাই দিয়া পূৰ্ণিমা শৰ্মাৰ পৰিয়ালটোক সকাহ দিবলৈ চৰকাৰী পক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like