নিয়মীয়া বার্তা, ১৫ ফ্রেব্রুৱাৰীঃ সকলো ভাষাৰে আদিভাষা সংস্কৃতৰ প্রচাৰ আৰু প্রসাৰৰ বাবে অন্যতম ভূমিকা পালন কৰি অহা সংস্কৃত টোলসমূহ বন্ধ কৰি দিয়া হ’ব বুলি শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই সংস্কৃত টোলক হাইমাদ্রাছাৰ লগত তুলনা কৰি কৰা ঘোষণাক মানি ল’ব বিচৰা নাই মাজুলীবাসীৰ লগতে মাজুলীৰ সত্রাধিকাৰে ৷ ৰাজ্যত অচিৰেই সংস্কৃত টোল আৰু মাদ্রাছা বন্ধ হ’ব বুলি কোৱাৰ পাছতেই মাজুলীৰ সংস্কৃত টোলসমূহ থকা সত্রানুষ্ঠানসমূহত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ মন্ত্রী ড০ শর্মাই এই ধৰণৰ সকলো ধর্মীয় শিক্ষানুষ্ঠান বন্ধ কৰি সেইসমূহ হাইস্কুলৰ সৈতে চামিল কৰা হ’ব বুলি মন্তব্য কৰাৰ বাবে মাজুলী দক্ষিণপাট গৃহাশ্রমী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই সংস্কৃত টোলসমূহক মাদ্রাছাৰ লগত তুলনা কৰা বিষয়টোক সমালোচনা কৰি সকলো ভাষাৰে আদিভাষা সংস্কৃতক মন্ত্রীগৰাকীয়ে উপলুঙা কৰা বুলি মন্তব্য কৰি সংস্কৃত টোলে জেহাদী জন্ম দিয়াৰ কিবা নজিৰ আছে নেকি বুলি প্রশ্ন তোলে ৷
ইফালে, সত্রাধিকাৰজনে মাদ্রাছাসমূহত জেহাদী সৃষ্টিৰ মূল ঘাটি বুলি উল্লেখ কৰি এইসমূহ বন্ধ কৰিব লাগে বুলিও মন্তব্য কৰে ৷ সংস্কৃত ভাষাৰ প্রচাৰ–প্রসাৰত অনবদ্য অৱদান আগবঢ়াই অহা সংস্কৃত টোলসমূহৰ লগত ধর্মৰ কোনো প্রভাৱ নাই বুলি সত্রাধিকাৰজনে সাংবাদিকৰে হোৱা কথা–বার্তাত উল্লেখ কৰে ৷ ইফালে, শ্রীশ্রী ভোগপুৰ সত্রৰ সত্রাধিকাৰ দত্ত দেৱগোস্বামীয়ে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক সমালোচনা কৰাৰ লগতে প্রাচীন সভ্যতাৰ বার্তাবাহক, দেৱভাষা প্রচাৰৰ একমাত্র মাধ্যম সংস্কৃত টোলসমূহৰ লগত মাদ্রাছাৰ কোনো সম্পর্ক নাই বুলি মত প্রকাশ কৰে ৷ সংস্কৃত ভাষাক আগবঢ়াই নিয়াৰ স্বার্থত এই পাঠশালাসমূহে বহু অৰিহণা যোগাই অহাৰ কথা চৰকাৰখনে চালি–জাৰি চোৱা দৰকাৰ আছে বুলি মত প্রকাশ কৰে মাজুলীৰ দল–সংগঠন তথা সচেতন মহলে৷ কোনো কাৰণতে টোল বন্ধৰ ঘোষণাক মানি নলয় বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে সত্রাধিকাৰজনে ৷