🔹 পানীৰ অভাৱত কৃষিকাৰ্য্য সম্পাদন কৰিব পৰা নাই কৃষকে
🔹 ঔদ্যোগিকীকৰণৰ আগ্ৰাসনত হ্ৰাস পাইছে কৃষিভূমি
নিয়মীয়া বাৰ্তা, ২৯ জুলাই : কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনত শাওণৰ পথাৰত এজাক বৰষুণৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে। ৰাজ্যখনত মূল কৃষি হ’ল শালি ধানৰ খেতি। শাওণ মাহৰ পৰা আৰম্ভ কৰা এই শালি ধানৰ খেতি কৰিবলৈ লৈ গোৱালপাৰা জিলাৰ বৃহত্তৰ টিপলাই অঞ্চলৰ একাংশ কৃষকে পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। প্ৰয়োজন অনুসৰি বৰষুণ নপৰাৰ বাবে বহুসংখ্যক কৃষকে কৃষিকাৰ্য্য সম্পন্ন কৰিব নোৱাৰাৰ লগতে কঠীয়া ৰোপণ কৰা বহুসংখ্যক কৃষিভূমিত ছিঁৰাল ফাট মেলাত চিন্তিত হৈ পৰিছে কৃষক তথা কৃষক পৰিয়াল । কৃষিকাৰ্যকে জীৱন-জীৱিকাৰ মূল অৱলম্বন হিচাপে লোৱা কৃষকসকলে আগন্তুক দিনৰ কথা চিন্তা কৰি মূৰে-কপালে হাত দি বহা পৰিলক্ষিত হৈছে। একাংশ কৃষকে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে বানবিধ্বস্ত বৃহত্তৰ টিপলাই অঞ্চলত কপালৰ ঘাম মাটিত পেলাই কৃষিকাৰ্য্য সম্পন্ন কৰাৰ পিছত বানপানী অথবা পানীৰ অভাৱত খেতিপথাৰৰ ধান নষ্ট হলে ইয়াতকৈ আৰু দুখৰ বিষয় একো হ’ব নোৱাৰে। তৎসত্ত্বেও ককা-আজোককাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে খেতি কৰি অহা খেতিয়কসকলে শাওণৰ পথাৰত ৰোপণ কৰা কঠীয়া আঘোণৰ পথাৰত সোণোৱালী হৈ পৰা সোণগুটি ভঁৰাললৈ চপাই কিমান আনন্দিত হৈ পৰে, সেয়া মাত্ৰ কৃষকসকলেহে বুজি পায়। সময়ৰ সোঁতত ঔদ্যোগিকীকৰণৰ আগ্ৰাসনৰ বাবে কৃষক আৰু কৃষিভূমিৰ পৰিমাণ বহুলাংশেই হ্ৰাস পোৱাটোও এক অশুভ লক্ষণ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে কৃষিভূমিত দ্বিগুণ শস্য উৎপাদনৰ লক্ষ্য লৈ বহু আঁচনি প্ৰস্তুত কৰাৰ সময়তে ৰাজ্যখনত বহু অঞ্চলৰ কৃষিভূমিত পানীৰ অভাৱত কৃষিকাৰ্য সম্পন্ন কৰিব নোৱাৰাৰ লগতে ৰাজ্যখনক বানপানীমুক্ত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে সচেতন মহলে।
প্ৰেৰক জ্যোতিষ নাথ