নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত চোৰৰ হাতত প্ৰাণ গ’ল যুৱকৰ

🔴 ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ, অভিযুক্তৰ ঘৰ ঘেৰাও

🔴 সদৰ থানাত উত্তপ্ত পৰিস্থিতি, দুজনক আটক

বিশেষ বার্তা, ২৯ জুলাই : যোৱানিশা লখিমপুৰ নগৰৰ উপকণ্ঠৰ চাংমাই গাঁও গোৱৰীশালিত এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ চুৰি কৰিবলৈ আহি চোৰে এজন যুৱকক নৃশংসভাৱে হত্যা কৰি থৈ যায়৷ চোৰৰ আক্রমণত প্রাণ হেৰুওৱা যুৱকজন হ’ল উক্ত গাঁৱৰে বকুল শইকীয়াৰ পুত্র প্রণৱ শইকীয়া (২২) ৷ স্থানীয় ৰাইজে জনোৱা মতে, কেইদিনমানৰ পৰা উক্ত গাঁৱত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ চলি আছিল৷ যোৱানিশা গাঁওখনৰ প্রায়খিনি লোক ভাওনা সমাৰোহ উপভোগত ব্যস্ত আছিল৷ তেনে পৰিৱেশত নিশা প্রায় এক বজাত প্রণৱ শইকীয়াৰ ঘৰৰ কাষৰে এটা পৰিয়ালত চোৰ সোমায় ৷ চোৰে ছাগলী এটা চুৰি কৰি নিবলৈ লওঁতেই গৃহস্থই গম পাই চিঞৰ–বাখৰ লগায়৷ চিঞৰ শুনি প্রণৱ শইকীয়াই উঠি আহি চোৰৰ পিছে পিছে খেদি যায়৷ চোৰে বাইক লৈ পলাই যায় যদিও প্রণৱে খেদি যায়৷ তাৰ পিছত কিছু সময়লৈকে প্রণৱ ঘূৰি নহাত পৰিয়ালৰ লোকে প্রণৱক বিচাৰি যায় যদিও গাঁওখনৰ মূৰত তেওঁলোকৰ ঘৰৰ পৰা প্রায় আধাকিলোমিটাৰ নিলগত পথৰ ওপৰত তেজেৰে লুতুৰি–পুতুৰি হৈ পৰি থকা প্রণৱক মৃত অৱস্থাত উদ্ধাৰ কৰে৷ উক্ত স্থানত প্রণৱক চোৰে হত্যা কৰি পলাই যাবলৈ সক্ষম হয়৷ লক্ষণীয়ভাৱে প্রণৱক হত্যা কৰা স্থানতে এখন বাইক উদ্ধাৰ হয়৷ এ এছ ০৭ এছ ৭২৯৩ নম্বৰৰ গ্লেমাৰ বাইকখন ঘটনাস্থলীতে এৰি চোৰে পলায়ন কৰে৷ স্থানীয় লোকে জনোৱা মতে, বাইকখনৰ গৰাকী লখিমপুৰ নগৰ এলেকাৰ চাপৰি গাঁৱৰ এগৰাকী মহিলা৷ ইতিমধ্যে আৰক্ষীয়ে প্রণৱৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷ স্থানীয় ৰাইজ তথা বিভিন্ন দল–সংগঠনৰ নেতৃত্বই এই ভয়ংকৰ হত্যাকাণ্ডত জড়িতক বিচাৰি উলিয়াই ফাঁচিৰ দাবী তোলে৷ ইয়াৰ পাছত ক্রমে পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ চাঞ্চল্য সৃষ্টি কৰা এই ঘটনাৰ প্রতিবাদত আৰু হত্যাকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবীত বৃহত্তৰ অঞ্চলটোৰ শ শ লোক ওলাই আহি দুপৰীয়া বাইপাছ অৱৰোধ কৰে৷ হত্যাকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবীত ৰাইজে বাইপাছ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ বহু সময় ধৰি অৱৰোধ কৰি বাইপাছ অচল কৰাৰ পাছত অৱৰোধস্থলীত উপস্থিত হয় জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক আটক কৰাৰ লগতে সকলো অপৰাধীক শীঘ্রেই গ্রেপ্তাৰ কৰা হ’ব বুলি বুজনি দিয়াৰ পাছত ৰাইজে সাময়িকভাৱে অৱৰোধ প্রত্যাহাৰ কৰে যদিও আজি সন্ধিয়াৰ ভিতৰত আটাইকেইজন হত্যাকাৰীক গ্রেপ্তাৰ কৰাৰ দাবী জনায়৷ উল্লেখ্য যে আৰক্ষী সূত্রে জনোৱা মতে, ঘটনাস্থলীত উদ্ধাৰ হোৱা বাইকখনৰ আঁত ধৰিয়েই তদন্ত আগবঢ়োৱা হৈছে৷ বাইকখনৰ গৰাকীয়ে বাইকখন এজন মেকানিকৰ ওচৰত বন্ধকত থৈছিল৷ তাৰ পৰা কালি সন্ধিয়া এজন যুৱকে বাইকখন নিছিল৷ ইতিমধ্যে এই সন্দর্ভত আৰক্ষীয়ে ৰঙাজানৰ পৰা ছফিক আলী আৰু আইজুল ৰহমান নামৰ দুজনক আটক কৰিছে৷ ইফালে, পৰৱর্তী সময়ত বাইপাছ অৱৰোধ প্রত্যাহাৰ কৰি ক্ষুব্ধ শ শ লোকে এইবাৰ গৈ ৰঙাজানৰ ধৃত ছফিকৰ বাসগৃহ ঘেৰাও কৰে৷ ৰাইজে ছফিকৰ ঘৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত আৰক্ষী উপস্থিত হৈ কোনোমতে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ পিছে এই ঘটনাক লৈ বিয়লি পুনৰ সদৰ থানাত শ শ লোকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ এই হত্যাকাণ্ডত জড়িত আনকেইজনকো তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰাৰ দাবীত সদৰ থানা উত্তাল কৰি তোলে ক্ষুব্ধ ৰাইজে৷ ৰাইজৰ প্রবল দাবীত ইতিমধ্যে আটক কৰা দুজনক দেখুওৱাৰ লগতে অচিৰেই ইয়াৰ লগত জড়িত আনসকলকো গ্রেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে প্রতিশ্রুতি দিয়াৰ পাছত বহু সময়ৰ অন্তত পৰিস্থিতি শান্ত হয়৷ নিৰীহ যুৱক প্রণৱ শইকীয়াৰ এই হত্যাকাণ্ডই সমগ্র দিনটো লখিমপুৰক উত্তপ্ত কৰি ৰাখে৷

প্ৰেৰক জীৱন গোস্বামী

You might also like