বিলাসী বাহনত গৰু চুৰি : দুটা চুৰি গৰুসহ বাহন জব্দ
কলিয়াবৰত পুনৰ বিলাসী বাহন ব্যৱহাৰ কৰি গৰু চুৰিৰ ঘটনা পোহৰলৈ অহাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ টহলদাৰী অব্যাহত থকাৰ মাজতো চুৰি চক্ৰই বিলাসী বাহনত গৰু চুৰি চলাই যোৱাৰ ঘটনাই গঞাৰ উদ্বেগ বৃদ্ধি কৰিছে।
স্থানীয় সূত্ৰৰ মতে, পুৱতিনিশা দুখন বাহনত আহি জখলাবন্ধাৰ ৰাঙলু অঞ্চলৰ এটা গোহালিৰ পৰা গৰু চুৰিৰ চেষ্টা চলোৱাৰ সময়তে স্থানীয় ৰাইজে এজন সন্দেহভাজন চোৰক হাতে-লোটে আটক কৰে। ক্ষুব্ধ ৰাইজে অভিযুক্তজনক উত্তম-মধ্যম দিয়াৰ পিছত আৰক্ষীক খবৰ দিয়ে।
জানিব পৰা মতে, চোৰৰ দলটোৱে ইয়াৰ পূৰ্বেই আন এটা গোহালিৰ পৰা দুটা গৰু চুৰি কৰি AS-01 ED-2808 নম্বৰৰ এখন বিলাসী বাহনত ভৰাই আনিছিল। কিন্তু ঘটনাৰ সময়ত আন অভিযুক্তসকলে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।
খবৰ পাই জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ হাতৰ পৰা অভিযুক্তজনক নিজৰ জিম্মাত লয়। লগতে দুটা চুৰি কৰা গৰুসহ বিলাসী বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে মাত্ৰ ছয় দিন পূৰ্বেও জখলাবন্ধা আৰক্ষীয়ে একেধৰণে বিলাসী বাহনত তিনিটা চুৰি কৰা গৰু কঢ়িয়াই নিয়া এজন চোৰক গৰুভৰ্তি বাহনসহ গ্ৰেপ্তাৰ কৰিছিল।
একে ধৰণৰ ঘটনা পুনৰ সংঘটিত হোৱাত কলিয়াবৰ অঞ্চলত গৰু চুৰি চক্ৰ সক্ৰিয় হৈ থকাৰ আশংকা বৃদ্ধি পাইছে। স্থানীয় বাসিন্দাসকলে আৰক্ষীক অধিক কঠোৰ অভিযান চলাই গৰু চুৰি চক্ৰটোক উৎখাত কৰাৰ দাবী জনাইছে।
ডিজিটেল ডেস্ক, ২৭ জুলাই