নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেচিচি কেলেংকাৰীঃ চেণ্ট্ৰেল বেংকৰ নগাঁও শাখাৰ মুখ্য প্ৰৱন্ধকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ দুখীয়া কৃষকক কৃষিকৰ্মৰ বাবে উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কিষাণ ক্ৰেডিট কাৰ্ড চমুকৈ কেচিচি ঋণ প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰা এজন বেংক বিষয়া অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ (বি আই ই অ’) জালত পৰিছে ৷ ধৃত বেংক বিষয়াজন হ’ল চেণ্ড্রেল বেংকৰ নগাঁও শাখাৰ তদানীন্তন প্রবন্ধক সৌমিত্র চৌধুৰী ৷ চেণ্ড্রেল বেংকৰ নগাঁও শাখাত ঋণ প্রদানৰ নামত সংঘটিত প্রায় ২ কোটি টকাৰ কেলেংকাৰি সন্দর্ভত ভীৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪২০/৪০৬/৪৬৫ আৰু ৪৭১ ধাৰাত ৰুজু কৰা ১৩/২০১৮ নম্বৰ গোচৰত বি আই ই অ’ৰ দলে বৃহস্পতিবাৰে বেংক বিষয়া সৌমিত্র চৌধুৰীক গুৱাহাটীৰ পৰা গ্রেপ্তাৰ কৰে ৷ বি আই ই অ’ৰ অধীক্ষক খনীন্দ্র কুমাৰ চৌধুৰীয়ে শুকুৰবাৰে সংবাদ মাধ্যমক জনোৱা মতে, বেংক বিষয়া চৌধুৰীয়ে নগাঁও জিলাৰ ৪১৮জন কৃষকক কে চি চি ঋণ দিয়াৰ নামত একাউণ্ট খুলিছিল ৷ ইয়াৰে অধিকাংশ কৃষকৰ নামত থকা নথি–পত্র ভুৱা আছিল ৷ সেই সময়ত চেণ্ট্ৰেল বেংকৰ নগাঁও শাখাৰ প্রবন্ধকৰ দায়িত্বত থকা সৌমিত্র চৌধুৰীয়ে কৃষকৰ নামত ১৫০টা ভুৱা একাউণ্ট খুলি প্রতিটো একাউণ্টৰ বিপৰীতে ৫০ হাজাৰকৈ টকা জমা কৰি মুঠ ৭৫ লাখ টকা আত্মসাৎ কৰিছিল ৷

পৰৱর্তী সময়ত এই কেলেংকাৰিৰ বিষয়ে জানিব পাৰি বেংক কর্তৃপক্ষই বি আই ই অ’ৰ কার্যালয়ত অভিযোগ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিত বি আই ই অ’ত ১৩/২০১৮ গোচৰ ৰুজু কৰি উপ–আৰক্ষী অধীক্ষক দেৱাশিস চৌধুৰীয়ে তদন্ত আৰম্ভ কৰে ৷ তদন্তকালত কে চি চি ঋণ প্রদানৰ নামত নগাঁও শাখাত কেলেংকাৰি হোৱাৰ তথ্য–প্রমাণ লাভ কৰে ৷ তদন্তৰ অন্তত উক্ত কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বি আই ই অ’ৰ তদন্তকাৰী বিষয়াৰ এটা দলে যোৱা বর্ষৰ ২৭ মে’ত নগাঁও শাখাৰ ক্ষেত্র বিষয়া (কৃষি) দীপাৰাণী দাসক গ্রেপ্তাৰ কৰে ৷ আনহাতে, একেটা কেলেংকাৰিৰ গোচৰত যোৱা বর্ষৰ ২৬ আগষ্টত জ্যেষ্ঠ প্রবন্ধক প্রফুল্ল কুমাৰ দাসক বি আই ই অ’ৰ তদন্তকাৰী বিষয়াই গ্রেপ্তাৰ কৰিছিল ৷ বি আই ই অ’ৰ বিষয়াগৰাকীয়ে লগতে কয় যে বিগত ২০০৯ চনৰ পৰা ২০১২ চনৰ ভিতৰত সৌমিত্র চৌধুৰীয়ে নগাঁও চেণ্ড্রেল বেংকত ঋণ প্রদানৰ নামত কেলেংকাৰি সংঘটিত কৰিছিল ৷ এই কেলেংকাৰি সন্দর্ভত বি আই ই অ’ত গোচৰ ৰুজু কৰাৰ পাছৰে পৰা সৌমিত্র চৌধুৰী পলাতক হৈ আছিল ৷
উল্লেখ্য যে নগাঁও জিলাত বিভিন্ন বেংকত কে চি চিকে ধৰি ৰাজসাহায্যযুক্ত ঋণ প্রদানৰ নামত একাংশ বেংক বিষয়াই মধ্যভোগীৰ সহায়ত ব্যাপক হাৰত লুণ্ঠন চলাই থকাৰ অভিযোগ দীর্ঘদিন ধৰি উত্থাপন হৈ আছিল৷ ইফালে পলাতক হৈ থকা সৌমিত্র চৌধুৰীয়ে চেণ্ট্ৰেল বেংকৰ যোৰহাট আঞ্চলিক কার্যালয়ত মুখ্য প্রবন্ধক হিচাপে কিছুদিন পূর্বে যোগদান কৰিছিল৷ ইফালে উক্ত কেলেংকাৰিত নগাঁও শাখাৰ অৱসৰপ্রাপ্ত শাখা প্রবন্ধক দিলীপ কুমাৰ ফুকন আৰু ৰঞ্জিত কুমাৰ দাসকো তদন্তৰ আওতালৈ আনিব বুলি অধীক্ষক খনীন্দ্র কুমাৰ চৌধুৰীয়ে উল্লেখ কৰে ৷

You might also like