🔹 জল জীৱনৰ জৰিয়তে বৰ্তমানলৈ ৩৫ লাখ মানুহৰ ঘৰলৈ পানী যোগান
বিশেষ বাৰ্তা, ৩১ জুলাই : অসমৰ গ্রাম্যাঞ্চলৰ মুঠ জনসংখ্যাৰ আধাতকৈও বেছি জনগণক নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কৃতিত্বৰ পিছত জল জীৱন মিছনক আগন্তুক ৩০ বছৰলৈ কার্যক্ষম কৰি ৰাখিবলৈ আজি লখিমপুৰৰ ত্যাগ ক্ষেত্রত আয়োজিত দ্বিতীয়খন বৃহৎ পৰিসৰৰ জল জীৱন সন্মিলনত অংশগ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জল জীৱন মিছনৰ অংশীদাৰী গাঁৱৰ ৰাইজ, পানী উপভোক্তা সমিতিৰ সদস্য, জলমিত্র, জলদূত, গাঁও পঞ্চায়তৰ সদস্য, আত্মসহায়ক গোট, বিদ্যালয় আৰু অংগনৱাড়ীৰ প্রতিনিধিক সামৰি অনুষ্ঠিত কৰা আজিৰ এই সন্মিলনত আঁচনিসমূহৰ সজাগতা সৃষ্টি আৰু বৃদ্ধিৰ বাবে ভিডিঅ’ শ্ব’, বাটৰ নাট আদিৰ সহায়ো লোৱা হয়।
আজিৰ অনুষ্ঠানত উপস্থিত জনগণক সম্বোধন কৰি লখিমপুৰ জিলাৰ জল জীৱন মিছনৰ লগত জড়িত সকলো অংশীদাৰকেই মন্ত্ৰী বৰুৱাই সম্ভাষণ জনায়। ইয়াৰ লগতে জল জীৱন মিছনৰ সফলতা আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয়- “স্বাধীনতাৰ ৭০ বছৰ পিছতো অসমত মাত্ৰ ১% লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হৈছিল, কিন্তু ২০১৯ চনত কাৰ্যকৰী কৰা জে জে এমৰ জৰিয়তে প্ৰতিটো ঘৰতেই বিশুদ্ধ পানী যোগান ধৰাৰ কাম অতি ক্ষিপ্ৰ গতিত আগবাঢ়িছে আৰু বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত প্ৰায় ৫৩% অৰ্থাৎ ৩৫ লাখ মানুহৰ ঘৰলৈ পানী যোগান ধৰিবলৈ সক্ষম হৈছোঁ।” তেওঁ লগতে জানিবলৈ দিয়ে যে জে জে এমৰ জৰিয়তে লখিমপুৰ জিলাৰ দুয়োটা সংমণ্ডলত প্ৰায় ১ হাজাৰ কোটিতকৈও অধিক ব্যয়েৰে ১,৪৪৫খন আঁচনি নতুনকৈ ৰূপায়ণ কৰাৰ কাম আৰম্ভ হৈছে আৰু সেই ক্ষেত্ৰত মাত্ৰ এখন জিলাৰ কাৰণে আগবঢ়োৱা এই সহায়ৰ বাবে মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে আজি এই সন্মিলন ক্ষেত্রৰ পৰাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জল জীৱন মিছনৰ ১০৩টা নতুন প্রকল্পও ভার্চুৱেলী উদ্বোধন কৰে।