বিশেষ বাৰ্তা, ৩১ জুলাইঃ ‘মোদী উপাধি’ৰ সৈতে জড়িত অপৰাধমূলক মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনক লৈ আজি উচ্চতম ন্যায়ালয়ত অভিযোগকাৰী পূৰ্ণেশ মোদীয়ে উত্তৰ দাখিল কৰে। অভিযোগকাৰীয়ে ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰিবলৈ শীৰ্ষ আদালতক দাবী জনাইছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি গোচৰটোত দোষী সাব্যস্ত হোৱা স্থগিত ৰখাৰ দাবী জনায়। এই বিষয়ত পৰৱৰ্তী শুনানি ৪ আগষ্টত হ’ব। অভিযোগকাৰী পূৰ্ণেশ মোদীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা উত্তৰত কয় যে ৰাহুল গান্ধীক সকাহ দিয়াৰ কোনো ভিত্তি নাই। তেওঁৰ আচৰণ অহংকাৰেৰে ভৰা। কোনো কাৰণ নোহোৱাকৈ এটা সম্পূৰ্ণ শ্ৰেণীক অপমান কৰাৰ পিছত তেওঁ ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিলে। নিম্ন আদালতৰ শাস্তি পোৱাৰ পিছতো তেওঁ অহংকাৰী বক্তব্য দি থাকিল। কেৱল সংসদৰ সদস্যপদ বচাবলৈহে দোষী সাব্যস্ত ৰখাৰ কোনো ভিত্তি নাই।