নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰ্যবেক্ষক নিযুক্তি কংগ্ৰেছৰ

বিশেষ বাৰ্তা, ৩১ জুলাই : কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। দলটোৱে আজি ৫ ৰাজ্যৰ পৰ্যবেক্ষক নিযুক্তি দিয়ে। এই তথ্য অৱগত কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নিযুক্তি দিলে নিৰ্বাচনী পৰ্যবেক্ষক। নিযুক্ত পৰ্যবেক্ষকে নিজ নিজ ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ ওপৰত নজৰ ৰাখিব। চলিত বৰ্ষৰ শেষৰ ফালে এই পাঁচখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই অনুসৰি দলৰ জ্যেষ্ঠ নেতা মধুসূদন মিস্ত্ৰীক ৰাজস্থানৰ জ্যেষ্ঠ পৰ্যবেক্ষক আৰু শশীন্ত সেনথিলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰ্জেৱালাক মধ্যপ্ৰদেশ আৰু চন্দ্ৰকান্ত হাণ্ডোৰক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। উত্তৰাখণ্ড পিচিচিৰ প্ৰাক্তন মুৰব্বী প্ৰীতম সিঙক ছত্তিশগড়ৰ জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে মীনাক্ষি নটৰাজনক ৰাজ্যখনৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। তেলেংগানাৰ হৈ দীপা দাসমুংশীক ছিৰিভেলা প্ৰসাদক পৰ্যবেক্ষক হিচাপে লৈ জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে শচীন ৰাওক মিজোৰামৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ২০২৩ চনৰ শেষৰ ফালে মিজোৰাম, ছত্তিশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকাল চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আৰু অহা বছৰৰ জানুৱাৰী মাহত শেষ হ’ব। ডিচেম্বৰ মাহত শেষ হ’ব ৪০জনীয়া মিজোৰাম বিধানসভাৰ কাৰ্যকাল। একে সময়তে জানুৱাৰীত শেষ হ’ব ছত্তিশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ কাৰ্যকাল। ৰাজস্থান আৰু ছত্তিশগড়ত কংগ্ৰেছ, মধ্যপ্ৰদেশত বিজেপি, তেলেংগানাত ভাৰত ৰাষ্ট্ৰ সমিতি আৰু মিজোৰামত মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ)।

You might also like