নিয়মীয়া বাৰ্তা, ২ আগষ্ট : মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। লাহৰীঘাটৰ টেঙাগুৰিত বুজন পৰিমাণৰ ছিমকাৰ্ড, আন সামগ্ৰীসহ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। আজি লাহৰীঘাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত টেঙাগুৰিৰ পৰা আছাব উদ্দিন (২২) নামৰ চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে। আছাব উদ্দিনৰ ভাতৃ আফাজ উদ্দিন আৰক্ষীৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযান চলাই ২৬৫খন ছীমকাৰ্ড, ৩টা স্মার্টফোন, ৪খন আধাৰ কাৰ্ড, এটা লেপটপ, এটা প্ৰিন্টাৰ, এটা লেমিনেটৰ, ২টা পাচবুক আৰু ৫০টা পেন কাৰ্ড আবেদনৰ ফৰ্ম জব্দ কৰে।ইয়াৰ উপৰি বহু আপত্তিজনক সা সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰেৰক আবুল কালাম