বিশেষ বার্তা, ২ আগষ্টঃ দিল্লীলৈ তলব অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাক৷ এআইচিচিয়ে কৰা তলবৰ পাছতে কালি দিল্লীত উপস্থিত হয় প্রদেশ কংগ্রেছৰ সভাপতিগৰাকী৷ আজি এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু অসম প্রদেশ কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক তথা এআইচিচিৰ অন্যতম সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে তেওঁৰ সৈতে এখন বৈঠকত মিলিত হয়৷ দলীয় সূত্রই জানিবলৈ দিয়া মতে ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতিকে ধৰি কংগ্রেছৰ সাংগঠনিক স্থিতি আৰু আসন্ন লোকসভা নির্বাচনৰ প্রসংগত বেণুগোপাল আৰু সিঙে দীর্ঘ সময় ধৰি আলোচনাত মিলিত হয়৷ আনহাতে সেই বৈঠকতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক সংবাদ মাধ্যমৰ আগত জধে–মধে মন্তব্য নকৰিবলৈ এআইচিচিৰ তৰফৰ পৰা সকীয়াই দিয়ে বুলি দলীয় সূত্রটোৱে প্রকাশ কৰে৷ উল্লেখ্য যে লাভ জেহাদৰ প্রসংগত ক’বলৈ গৈ ভূপেন বৰাই ভগৱান শ্রীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহকো লাভ জেহাদ আখ্যা দিয়া দিছিল৷ ইয়াকে লৈ অসমত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ভূপেন বৰাৰ তেনে বক্তব্যই সনাতনী হিন্দুৰ অন্তৰত আঘাত দিয়া ঘটনাটোক কংগ্রেছৰ শীর্ষ নেতৃত্বয়ো সহজভাৱে ল’ব পৰা নাই৷ ইয়াৰ পৰিপ্রেক্ষিততে এআইচিচিয়ে ভূপেন বৰাক সংবাদ মাধ্যমৰ আগত জধে–মধে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্রদান কৰে৷ উল্লেখ্য যে কেইদিনমান পূর্বে ভূপেন বৰাক এআইচিচিয়ে আৰু এবাৰ মাতি নিছিল৷
প্ৰেৰক কল্লোল ভৌমিক